পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

NEPATION আৰ্যসকল দৈনন্দিন কাম চলোৱাৰ উপৰিও সহধৰ্ম্মিণীৰূপে স্বামীক যাগযজ্ঞাদিত সহায় কৰিছিল। তেওঁলোকে নিজে বৈ-কাটি সাজপাৰ লৈছিল । আহাৰ, সাজ-পোছাক আৰু খেলধেমালি আদি সাধাৰণ ধৰণৰ আছিল। যৱ, গম, ফল আৰু গাখীৰ তেওঁলোকৰ খাদ্য আছিল ; উৎসৱত মাংস আৰু সোমৰস ব্যৱহাৰ কৰিছিল । তেওঁলোকৰ আমোদ-প্রমোদৰ ভিতৰত ৰথ-প্ৰতিযোগিতা, চিকাৰ, পাশা খেল, নাচ-বাগ প্রধান আছিল । শিক্ষা :—আৰ্য্যসকলৰ দিনত ছাত্রই গুৰুৰ ওচৰত থাকি শিক্ষা লাভ কৰিছিল ; তেওঁলোকে পঢ়াৰ একো মাচুল দিব নালাগিছিল। সকলো আৰ্যই যুদ্ধবিদ্যা ভালকৈ জানিছিল৷ তেওঁলোকে সাহিত্য, বিজ্ঞান, জ্যোতিষ আদি বিদ্যাৰো চর্চ্চা কৰিছিল৷ পুৰুষৰ দৰে তিৰোতায়ো শিক্ষা লাভ কৰিছিল ৷ গাৰ্গী, আত্রেয়ী আৰু মৈত্রেয়ী আদি বিদুষী মহিলাৰ কথা আৰ্য্যগ্ৰন্থ সমূহত পোৱা যায় ৷ ধৰ্ম্ম ঃ—বৰ্ত্তমান হিন্দু-ধৰ্ম্মৰ উহ আৰ্য্য ধৰ্ম্মই ; কিন্তু কালৰ গতিত বৰ্ত্তমান আৰ্য্য হিন্দু ধৰ্ম্মই' বেলেগ ভাঁজ লৈছে। তেওঁ- লোকে সূৰ্য্য, বায়ু, বৰুণ, ইন্দ্ৰ, অগ্নি, আদি দেবতাৰ উপাসন৷ কৰিছিল। বৈদিক আৰ্য্য বিলাকৰ দেৱতাৰ সংখ্যা বহুত আছিল৷ তেওঁলোক বহু দেৱ-দেৱীৰ উপাসক হলেও শেষত সকলোৰে মূলতে যে এজন কৰ্ত্ত৷ আছে তাক বিশ্বাস কৰি এক ঈশ্বৰৰ পূজা কৰিছিল ৷ জাতিভেদ :—আদিতে আৰ্যসকলৰ কামৰ বিভাগ