সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
ভাৰত বুৰঞ্জী

ৰাজ্য শাসন।

 'ক' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা।

 ৰাজ্যপাল :—ৰাজ্যৰ ৰাজ্যপাল বা গৱৰ্ণৰক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰিব আৰু এওঁৰ কাৰ্য্যকাল হব ৫ বছৰ।

 মন্ত্রিসভা :— ৰাজ্যপালক সহায় কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ এখন মন্ত্রিসভা থাকিব। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিয়োগ কৰিব আৰু বাকী মন্ত্ৰীসকলকো মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসাৰে ৰাজ্যপালে নিয়োগ কৰিব।

 ৰাজ্যৰ আইন সভা :—ৰাজ্যপাল, বিধান পৰিষদ আৰু বিধান সভাৰে ৰাজ্যৰ আইন সভা গঠিত হব। বোম্বাই, মাদ্রাজ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গত বিধান পৰিষদ আৰু বিধান সভা থাকিব। বাকীবোৰত কেৱল বিধান সভাহে থাকিব। বিধান সভাৰ সদস্য সকলক প্রত্যক্ষভাবে সাধাৰণ ভোটাৰ সকলে নিৰ্ব্বাচিত কৰিব ।

'খ' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা।

 ৰাজপ্রমুখ :—'খ' শ্ৰেণীৰ ৰাজ্যবোৰৰ শাসনভাৰ একোজন ৰাজপ্ৰমুখৰ হাতত থাকিব।

 প্রত্যেক ৰাজ্যত এখন মন্ত্রিসভা আৰু একোখন আইন সভা থাকিব। মহীশূৰৰ ৰাজ্যতহে দুখন পৰিষদ থাকিব।

 ৰাজপ্রমুখ আৰু আইনসভাৰ ক্ষমতা যথাক্রমে ‘ক’ শ্ৰেণীৰ ৰাজ্যৰ ৰাজ্যপাল আৰু আইনসভাৰ অনুৰূপ ৷

'গ' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা।

 'গ' শ্ৰেণীৰ ৰাজ্যবোৰ শাসনভাৰ স্বয়ং ৰাষ্ট্ৰপতিৰ ওপৰত।