পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত ২০.৩

সহকাৰী ৰাষ্ট্ৰপতি %+--ভাৰতৰ এজন সহকাৰী ৰাষ্ট্ৰপতি ব| ভাইচ প্রেচিডেণ্ট থাকিব। এওঁক ভাৰতীয় পাৰ্লমেণ্টেৰ উভয় সদনৰ ( পৰিষদৰ ) সদস্তা সকলে নিৰ্বাচিত কৰিব। সহকাৰী ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ ( ৫০৮00] ০1 50.695 ) সভাপতি হব।

মস্ত্ৰিমভ| $--ৰাষঁপতিক সহায় কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ এখন মন্ত্ৰিসভ| থাকিব। ৰাষ্ট্ৰপতিয়ে প্রথমে প্ৰধান মন্ত্ৰ নিয়োগ কৰিব আৰু তেওঁৰ পৰামৰ্শক্ৰমে অন্যান্য মন্ত্ৰী সকলক নিযুক্ত কৰিব। মন্ত্ৰী সকল যি কেনে| এখন পৰিষদৰ সদস্য হব লাগিব৷

ভাৰতীয় পাৰ্ল।মেণ্ট ব| সংসদ ঃ--ৰাষ্ট্ৰপতি, লোকসভা { চু]0096 ০£ 26 60012 ) আৰু ৰাজ্য সভ| (00001 ০£ ৪08669 ) লৈ ভাৰতীয় পাৰ্লামেণ্ট গঠিত হব ৷

ৰাজ্যসভাৰ ( কাউন্সিল অব ষ্টেটৰ ) সদস্য সংখ্যা ২৫%ৰ বেছি নহ্ব। তাৰে ১২ জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব আৰু বাকী ২৩৮ জনক ৰাজ্যসমূহৰ আইন সভাৰ নিৰ্ববাচিত সভ্য- সকলে নিৰ্ববাচন কৰি দিব । লোকসভাৰ (হাউচ অব পিপোলচ) সদস্তা সংখ্য৷ ৫৭০ জনৰ সৰহ নহব। তেওঁলোকক ৰাজ্যৰ ‘ভোটাৰ সকলে পরতাক্ষভাবে নিৰ্ববাচিত কৰি দিব। লোকসভাৰ আয়ুম হব পাঁচবছৰ ৷

চুপ্ৰিম কোৰ্ট ।

যুক্তৰাষ্ট্ৰ এখন চুপ্ৰিম কোৰ্ট বা সৰ্বপ্ৰধান আদালত থাকিব। ইয়াৰ এজন প্রধান বিচাৰপতি (চিফ জাণ্টিচ ) আৰু ৭ জন ব| তাতোকৈ কম সংখ্যক বিচাৰপতি থাকিব।