পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৷ / ১৯৮ ভাৰত বুৰঞ্জী

জা

কাধ্যভাৰ গ্রহণ কৰে। ডাঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ বৰ্ত্তমান ভাৰতৰ সহকাৰী ৰাইউপতি।

অসমত ভূমিকম্প &--১৯৫০ খুঃৰ ১৫ আগষ্ট তাৰিখে অসমত এটা প্রবল ভূমিকম্প হৈ উজনি অসমৰ শিৱসাগৰ লক্ষিমপুৰ আৰু উত্তৰ-পূব সীমান্তত অঞ্চলত বিশেষ ক্ষতি কৰে। নতুন নিৰ্ব্বাচন $- ভাৰতবৰ্ষৰ নতুন সংবিধান অনুযায়ী ১৯৫২ খবঁঃৰ আগভাগতে কেন্দ্ৰীয় আৰু ৰাজ্যৰ আইন সভ| সমূহৰ সদস্যসকলৰ নিৰ্ববাচন হয়। কেন্দ্রীয় আৰু ৰাজ্যসমূহৰ আইন সভাবিলাকত কংগ্ৰেচৰ প্ৰাৰ্থী বিলাকেই বেছি আসন লাভ কৰে। ফলত কেন্দ্ৰত আৰু ৰাজ্যসমূহত কংগ্ৰেচেই মন্ত্ৰিদভ| গঠন কৰে।

নতুন নিৰ্ববাচনৰ পিছত জৱাহৰলাল নেহৰুৱে প্ৰধান মন্ত হিচাবে পুনৰায় মন্ত্ৰিসত| গঠন কৰে। প্ৰধানমন্ত্ৰী নেহৰুৰ নেতৃত্বত বৰ্ত্তমান চৰকাৰে ভাৰতৰ সৰ্ববপ্রকাৰ উন্নতিৰ কাৰণে এটি পাচ বছৰীয়া আঁচনি হাতত লৈ ইয়াক কাৰ্য্যকৰী কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে। প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতিত তেওঁৰ বিচক্ষণত| আৰু উদাৰ মতবাদৰ দ্বাৰ৷ পৃথিবীৰ সকলে| ঠাইতে খ্যাতি লাভ কৰিছে।

স্বাধীন ভাৰতৰ সংবিধানৰ সাৰাংশ ।

মন্ত্ৰী-মিচনৰ প্রস্তাব অনুসাৰে ১৯৪৬ খুঃৰ মাজভাগত স্বাধীন ভাৰতৰ সংবিধান ৰচন| কৰিবৰ কাৰণে এখন গণপৰিষদ গঠিত