পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদগ্ুৰ তলত ভাৰত ১৮৯

বিভিন্ন দলৰ নেত। সকলৰ লগত দীৰ্ঘকাল আলোচন| কৰি উভতি গৈ বৃটিচ মন্ত্ৰিসভাৰ লগত পৰামৰ্শ কৰি ভাৰত সম্পর্কে এক সিদ্ধান্ত কৰে। এইবাৰে| কংগ্রৰেচ আৰু লিগৰ মাজত আপোচ নোহোৱাত মন্ত্ৰী-মিচনে এক পৰিকল্পন| প্রচাৰ কৰিলে (১৬ মে, ১৯৪৬ )। এই পৰিকল্পন| মতে শাসনতন্ত্র ৰচনাৰ কাৰণে এখন গণ-পৰিষদ ( 0৫০0.88020.6.১৪52102])) আৰু ' শাসনকাধ্য পৰিচালনাৰ কাৰণে এখন অন্তবত্তী চৰকাৰ গঠনৰ প্ৰস্তাব কৰ হল ৷ কংগ্রেচে এই প্ৰস্তাব গ্রহণ কৰিলে; লিগে প্রথমে গ্রহণ কৰি পিছত বৰ্জ্জন কৰিলে৷

গণ-পৰিষদ্ধ স্থাপন £--১৯৪৬ খৃঃৰ জুলাই মাহত গণ- পৰিষদ গঠিত হয়। গণ-পৰিষদত কংগ্রেচী দলে সংখ্যাধিক্যত| লাভ কৰে। মুছলিম লিগে মন্ত্ৰী-মিচনৰ প্রস্তাব প্রত্যাখ্যান কৰি পাকিস্তান লাভৰ কাৰণে “প্রত্যক্ষ সংগ্রাম” আৰম্ভ কৰে। ১৯৪৬ খৃঃৰ ১৬ আগষ্টৰ দিন| কলিকতাত অসম্ভব ৰকমৰ সাম্প্ৰদায়িক কট| মৰ৷ আৰম্ভ হয় ।

অন্তৰ্ত্তী চৰকাৰ গঠন ঃ--মন্ত্ৰা-মিচনৰ প্রস্তাৱ অনুসৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত এক অন্তবৰ্ত্তা জাতীয় চৰকাৰ প্রতিষ্ঠিত হয় আৰু ১৯৪৬ খৃঃৰ ২ চেপ্তেম্বৰ তাৰিখে এই চৰকাৰে শাসনভাৰ গ্রহণ কৰে। কিছুদিনৰ পিছত মুছলিম লিগ দলে মন্ত্ৰিসভাত যোগদান কৰে৷

১৯৪৬ খুঃৰ ৯ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত গণ-পৰিষদৰ অধিবেশন আৰম্ভ হল; কিন্তু মুছলিম লিগে এই গণ-পৰিষদ বৰ্জ্জন কৰে ৷