পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৮৫

ক্ৰিপচৰ দৌত্য +--১৯৪২ খুঃৰ প্রথম ছোঁৱাত জাপানৰ ভাৰত আক্ৰমণৰ সম্ভাৱন| দেখ৷। গৈছিল। এই সম্ধিক্ষণত ভাৰতবাসীৰ আন্তৰিক সহযোগীত| লাভৰ কাৰণে ইংলণুৰ মস্ত্ৰিসভাই ৰৃটিচ-মন্ত্ৰী চাৰ ষ্টাফোৰ্ড ক্ৰিপচক ভাৰতলৈ পঠায়। তেওঁ প্রস্তাব কৰে যে যুদ্ধৰ শেহত ভাৰতে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব, কিন্তু যুদ্ধ শেহ নোহোৱালৈকে ভাৰতবৰ্ষ আগৰ নিচিন| ইংলণ্ডৰ কর্তৃত্বাধীনত থাকিব। ভাৰতীয় নেতাসকল বৰলাটৰ শাসন পৰিষদৰ সভ্য হব পাৰিব, কিন্তু সকলে বিষয়তে চৰম ক্ষমত| আৰু দায়িত্ব বৰলাটৰ হাতত থাঁকিব। ক্ৰিপচৰ প্রস্তাব কংগ্ৰেচে গ্ৰহণ নকৰিলে'। মুছলিম লিগেও ক্ৰিপ্‌চৰ প্রস্তাব প্রত্যাখ্যান কৰিলে।

১৯৪২ৰ গণবিপ্লৰ £--১৯৪২ খৃঃৰ আগষ্ট মাহত বোম্বাইত কংগ্ৰেচে ৰৃটিচ চৰকাৰৰ বিৰোধিত৷ কৰি “ভাৰত, ত্যাগ” “00016 ][0)018” প্রস্তাব গ্রহণ কৰে। প্রস্তাব কাধ্যত পৰিণত হোৱাৰ আগতে মহাত্ম| গান্ধী, জৱাহৰলাল নেহেৰুকে আদি কৰি জাতীয়তাবাদী নেতাসকলক কাৰাৰুদ্ধ কৰ| হল। লগে লগে দেশ জুৰি বিপ্লবী আন্দোলন আৰম্ভ হল। বৃটিচ চৰকাৰৰ অনুষ্ঠানবোৰ আক্ৰমণ কৰি মানুহে স্থকীয়া চৰকাৰ স্থাপনত লাগিল। দেশ জুৰি বিদেশী শাসনৰ বিৰুদ্ধে গণযুদ্ধ আৰম্ভ হল। এই আন্দোলনে অসমত ভীষণ আকাৰ ধাৰণ কৰিছিল। জাপানৰ লগত যুজিবৰ কাৰণে সেই সময়ত অসমত বৃটিচ সৈন্তয সাজু হৈ আছিল। সেই সৈন্য আৰু পুলিচৰ সহায়ত মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ হল। পুলিচৰ গুলিত