পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ ভাৰত বুৰঞ্জী

প্রাদেশিক আইন সভাসমূহৰ নিৰ্ববাচনত বঙ্গ, সিন্ধু আৰু পঞ্জাৱৰ বাহিৰে বাকী প্রদেশবিলাকত কংগ্ৰেচী দলেই সংখ্যা- ধিক্যত! লাভ কৰে। ফলত বঙ্গ, সিন্ধু আৰু পঞ্জাৱৰ বাহিৰে বাকী আঠখন প্ৰদেশত কংগ্ৰেচী মন্ত্ৰিসভ৷ প্রতিষ্ঠিত হয়।

দ্বিতীয় মহাসমৰ আৰু ভাৰতবৰ্ষ:---১৯৩৯ খুৰ ১ চেপ্তেম্বৰৰ দিন| জাৰ্ম্মানিয়ে ডানজিগ আৰু পোলেণ্ড আক্ৰমণ কৰে। ১৯৩৯ খুঃৰ তিনি চেপ্তেম্বৰৰ দিন| ইংৰাজ আৰু ফৰাচীয়ে জাৰ্ম্মানিৰ বিৰূদ্ধে যুদ্ধ ঘোষণ| কৰে। এই দৰে দ্বিতীয় মহাসমৰ আৰম্ভ হয়। ১৯৪১ খুঃৰ জুন মাহত হঠাৎ জাৰ্ম্মানিয়ে ৰুচিয়াৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে। এই বছৰৰ শেষভাগত জাপানেও ইংলণ্ড আৰু আমেৰিকাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিলে। ফলত এই যুদ্ধ এখন বিশ্ব যুদ্ধত পৰিণত হয়।

বৃটিচে যুদ্ধ প্ৰচেষ্টাত ভাৰতবাসীৰ সহায়-সমর্থন বিচৰাত যুদ্ধৰ পিছত ভাৰতবৰ্ষক সম্পূর্ণ স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিলেহে কংগ্ৰেচে সহযোগ কৰিব বুলি কলে। বৃটিচ চৰকাৰে এই প্রতিশ্ৰুতি নিদিয়াত কংগ্ৰেচী মন্ত্ৰীসকলে পদত্যাগ কৰিবলৈ বাধ্য হয়।

১৯৪০ খুঃত মুছলিম লিগ নেত| মহম্মদ আলি জিন্নাই পাকিস্তানৰ দাবী কৰে। এই সময়তে মহাত্ম| গান্ধীৰ নিৰ্দ্দেশত ব্যক্তিগত আইন অমান্ত আন্দোলন আৰম্ভ হয়।

১৯৪২ খুঃৰ আগভাগত জাপানে সদৌ ব্ৰহ্মদেশ জয় কৰে। এই সময়তে ভাৰতবৰ্ষৰ বহুতে| ঠাইত জাপানে বোম বৰ্ষণ

কৰে ।