পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৬ ভাৰত বুৰঞ্জী

কনকলতা, ভোগেশ্বৰী ফুকননী আদিয়ে দেশৰ কাৰণে প্রাণ দিয়ে। কুশল কোৱঁৰক যোৰহাট জেইলত ফাঁচাঁ দিয়| হয়। তেওঁলোকৰ নাম স্বাধীনত| . সংগ্ৰামৰ বুৰঞ্জীত জিলিকি থাকিব।

বঙ্গদেশত আকাল ঃ--১৯৪৩ খুঃতি বঙ্গদেশত এক ভীষণ দৃভিক্ষ হয় আৰু তাৰ ফলত কেইবা লাখে| মানুহৰ প্রাণনাশ হয়।

লৰ্ড ওৱাভৈল (১৯৪৩--৪৭)

লৰ্ড লিন্‌লিঠ্‌গোৱে অৱসৰ লোৱাত ভাৰতৰ ভূতপূৰ্ব প্ৰধান সেনাপতি লৰ্ড ওৱাভেলে ১৯৪৩ খৃঃ অক্টোবৰ মাহত শাসনভাৰ গ্রহণ কৰে। তেওঁ আহিয়েই বঙ্গদেশৰ দুভিক্ষ নিবাৰণত উঠিপৰি লাগে ৷

আজাদ হিন্দ ফৌজৰ আক্ৰমণ £--১৯৪১ খৃঃৰ জানুৱাৰি মাইত ভাৰতৰ অন্ততম নেত৷| স্বুভাষচন্দ্ৰ বস্ুৱে গোপনে ভাৰত ত্যাগ কৰে। তেওঁ জাৰ্ম্মানি আৰু জাপানৰ সহায় লৈ ৰুটিচৰ ভাৰত-সাম্ৰাজ্য ধ্বণ কৰিবৰ উদ্দেশ্যে এক ইংৰাজ বিৰোধী ভাৰতীয় সৈন্ত্য বাহিনী গঢ়ি তুলিছিল। তেওঁৰ পৰিচালনাত “আজাদ হিন্দ ( স্বাধীন ভাৰত ) চৰকাৰ” আৰু “আজাদ হিন্দ ফৌজ” গঠিত হৈছিল। ১৯৪৪ খৃঃৰ মাৰ্চ মাহত আজাদ হিন্দ ফৌজে ব্ৰহ্ম-সীমান্ত অতিক্ৰম কৰি ভাৰত-ভূমিত ভৰি দিয়েহি।