পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮২ ভাৰত বুৰঞ্জী টী দ্বিতীয় থূৰণীয়| মেজ্ঞৰ মেল £--এওঁৰ দিনতে দ্বিতীয়

ঘূৰণীয়া মেজৰ মেল বহিছিল। মহাত্ম| গান্ধীয়ে এই মেলত যোগদান কৰিছিল; কিন্তু বৃটিচ চৰকাৰে মহাত্মাৰ দাবী স্বীকাৰ নকৰাত কংগ্ৰেচ অসন্তষ্ট হল। মহাত্ম| গান্ধী বিষাদ মনেৰে ভাৰতলৈ উলটি আহিল। বোম্বাইত পদাৰ্পণ কৰাৰ পিছতেই তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। ‘আইন অমান্য আন্দোলন' আকৌ আৰম্ভ হল ( ১৯৩২ )। লৰ্ড উইলিংডনে কংগ্ৰেচ আৰু ভাৰতৰ আন আন ৰাজনৈতিক প্রতিষ্ঠানসমূহক বে-আইনি বুলি ঘোষণ৷ কৰিলে। তেওঁ আন্দোলন দমন কৰিবলৈ উঠি পৰি লাগিল।

এওঁৰ শাসনকালতে লণ্ডনত তৃতীয় ঘূৰণীয়| মেজৰ মেলে৷ বহে৷ এই সময়তে বৃটিচ চৰকাৰে ভাৰত শাসনতন্ত্ৰ সংস্কাৰৰ কাৰণে কেইটামান প্ৰস্তাব উত্থাপন কৰে। প্ৰস্তাব কেইটাৰ মৰ্ম্ম হল---প্রদেশসমূহত সীমাবদ্ধ স্বায়ত শাসন প্ৰৱৰ্ত্তন আৰু কেন্দ্ৰত যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা । এই প্রস্তাব কেইটাৰ ওপৰত ভিত্তি কৰি বৃটিচ পালমেণ্টে নতুন এক ‘ভাৰত-শাসন আইন’ বিধিবদ্ধ কৰে ( ১৯৩৫ ) ।

ভুমিকম্প] £--লৰ্ড উইলিংডনৰ শাসনকালতে বিহাৰত ( ১৯৩৪ ) আৰু ১৯৩৫ খৃঃৰ মে’ মাহত কোয়েটাত ভূমিকম্প হৈ অশেষ লোকৰ প্ৰাণহানি আৰু সম্পত্তি ধ্বংস কৰিলে৷

সম্ৰাট অঠম এডওৱাৰ্ড +--১৯৩৬ খুংঃৰ ২০ জানুৱাৰিৰ দিন| সম্ৰাট পঞ্চম জৰ্জ্জৰ মৃত্যু হোৱাত তেওঁৰ পুতেকে অষ্টম এডওৱাৰ্ড নামলৈ সিংহাসনত বহে।