সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৭৬

ভাৰত বুৰঞ্জী

 তেওঁৰ শাসনকাল শাসন-সংস্কাৰৰ নিমিত্তে প্ৰসিদ্ধ। প্ৰথম অ মহাসমৰত ভাৰতবৰ্ষই বৃটিচ চৰকাৰক সকলো প্রকাৰে সহায় কৰিছিল। যুদ্ধ শেষ হলে ভাৰতবাসীক ৰাজনৈতিক সুযোগ-সুবিধা দিয়া হব বুলি বৃটিচ চৰকাৰে আশ৷ দিছিল।

 প্রথম মহাসমৰ শেষ হোৱাৰ পিছত ভাৰতবাসীক সন্তষ্ট কৰিবৰ অভিপ্ৰায়ে বৃটিচ পাৰ্লামেণ্টে ভাৰতীয় শাসন তন্ত্ৰৰ কিছু সংস্কাৰ কৰে। সেই সময়ত মিঃ মণ্টেগো আছিল ভাৰত-সচিব ৷তেওঁ ভাৰতলৈ আহি ৰাজ-প্রতিনিধি চেম্‌চফোৰ্ডৰ সৈতে ভাৰতৰ প্রধান চহৰ বিলাক ফুৰি আৰু মুখিয়াল লোকসকলৰ মতামত গ্রহণ কৰি এখন ৰিপৰ্ট পাৰ্লামেণ্টৰ আগত দাঙি ধৰে। এই ৰিপোৰ্টৰ ওপৰত ভিত্তি কৰি ১৯১৯ খৃঃত বৃটিচ পাৰ্লমেণ্টে “ভাৰতশাসন আইন” বিধিবদ্ধ কৰে। এই শাসন-সংস্কাৰক মণ্টেগো-চেম্‌চমোৰ্ড শাসন-সংস্কাৰ বুলি কোৱা হয়।

 মণ্টেগো-চেমচফোৰ্ড সংস্কাৰঃ- নতুন শাসন পদ্ধতি অনুসাৰে ৰাজ-প্রতিনিধিক শাসন কাৰ্য্যত সহায় কৰিবলৈ এখন এক্‌জিকিউটিভ কাউন্সিল বা কাৰ্য্যকৰী সভা গঠন কৰা হয়। কাৰ্য্যকৰী সভাত তিনিজন ভাৰতীয় সদস্য লোৱাৰ ব্যৱস্থ৷ হল।নতুন আইন অনুসাৰে ভাৰতত আইন প্রণয়নৰ উদ্দেশ্যে ব্যৱস্থাপক সভা আৰু ৰাষ্ট্ৰীয় পৰিষদ ( কাউন্সিল অব ষ্টেট ) গঠিত হয়।

১৯১৯ খৃঃৰ আইন অনুযায়ী প্রত্যেক প্ৰদেশ একোজন গৱৰ্ণৰৰ অধীনত দিয়া হল। গৱৰ্ণৰক শাসনত সহায় কৰিবলৈ প্রত্যেক প্রদেশতে কাৰ্য্যকৰী সভা আৰু ব্যৱস্থাপক সভা গঠিত হল।