এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত
১৭৫
আৰু পশ্চিমবঙ্গ একেলগ কৰি বঙ্গ প্রেচিডেন্সি কৰ৷ হয়।সেই প্ৰেচিডেন্সি বোন্বাই আৰু মাদ্ৰাজৰ নিচিনাকৈ গৱৰ্ণৰৰ তললৈ আহিল। বিহাৰ, ছোটনাগপুৰ, উৰিষ্যা প্ৰদেশ বঙ্গদেশৰপৰা ফালি নি দুৱলীয়া লাট আৰু সভাৰ তলত এখন নতুন পুদেশ কৰা হয়। অসম প্রদেশ আকৌ, চিফ কমিচনাৰৰ তলত দিয়া হল।
প্রথম মহাসমৰ ঃ--লৰ্ড হাডিঞ্জৰ দিনত পৃথিবী জুৰি' মহাযুদ্ধ হয় ( ১৯১৪--১৮ )। বৃটিচ সাম্ৰাজ্যৰ হকে ভাৰতবৰ্ষয়ো এই যুদ্ধত অংশ গ্ৰহণ কৰিব লগাত পৰে।
লৰ্ড চেম্চফোৰ্ড (১৯১৬--১৯২১ ) : লৰ্ড হাৰ্ডিঞ্জৰ পিছত লৰ্ড চেম্চফোৰ্ড ভাৰতৰ ৰাজ-প্রতিনিধি হয়।