সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৭৪

ভাৰত বুৰঞ্জী

গৱৰ্ণৰ জেনেৰেলেৰ আৰু প্ৰাদেশিক গভৰ্ণৰৰ শাসন-পৰিষদতো ভাৰতীয় সদস্য লোৱাৰ ব্যৱস্থা হয়। ভাৰত-সচিবৰ পৰিষদতো ভাৰতীয় সদস্য লোৱাৰ ব্যৱস্থা কৰা হল ৷মর্লে-মিণ্টো সংস্কাৰে ভাৰতবাসীক প্ৰকৃত ৰাজনৈতিক অধিকাৰ দিব নোৱাৰিলে ।  এই সংস্কাৰৰ আটাইতকৈ ডাঙৰ দোষ ভাৰতত প্ৰথম সাম্প্রদায়িক নির্বাচন প্রথা প্ৰৱৰ্ত্তন। দেশত নকৈ গঢ়ি উঠা জাতীয়তা বোধ ধ্বংস কৰিবৰ কাৰণে মুছলমান আৰু অমুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰা হয় ৷ এই সময়তে বঙ্গৰ বিপ্লবী তৰুণ যুবক সকলে গোপনে অস্ত্রাদি গোটাই বৃটিচৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷ ১৯০৮ খৃঃৰ পৰা ১৯১২ খৃঃৰ ভিতৰত বহু মানুহ হতাহত হয়। ক্ষুদিৰাম, কানাই, সত্যেন আদি বীৰ যুবকক ফাঁচী দিয়া হয় । ১৯১০ খৃঃত সম্রাট সপ্তম এড্‌ওৱাৰ্ডৰ মৃত্যু হোৱাত তেওঁৰ পুতেক পঞ্চম জর্জ নাম লৈ সিংহাসনত উঠে ।

 ২য় লর্ড হার্ডিঞ্জ ( ১৯১০ – ১৯১৬ ) ঃ-লর্ড মিন্টোৰ পিছত লর্ড হার্ডিঞ্জ ভাৰতৰ ৰাজপ্রতিনিধি হয় ।

 দিল্লীৰ দৰবাৰ ঃ–১৯১১ খৃঃৰ ১২ ডিচেম্বৰৰ দিনা সম্রাট পঞ্চম জৰ্জ্জ আৰু ৰাণী মেৰীক ভাৰতৰ পুৰণি ৰাজধানী দিল্লী নগৰত ৰাজমুকুট পিন্ধোৱা হয় ৷

 সম্ৰাটৰ ঘোষণা পত্ৰ ঃ—সেই দৰৱাৰত সম্রাটে এখন ঘোষণাপত্র প্রচাৰ কৰে । সেই ঘোষণা পত্ৰ মতে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা তুলি নি দিল্লীত পতা হল ।পূৰ্ব্ববঙ্গ