পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৬৯

লৰ্ড ডাফ.ৰিণ ( ১৮৮৪--১৮৮৮ ) 2--লৰ্ড ৰিপণৰ পিছৰ জন| ৰাজপ্রৰতিনিধি ডাফ.ৰিণ ৷

জাতীয় মহাসভ| £--১৮৮৫ খুঃত ভাৰতত প্রথম জাতীয় মহাসভ| বা কংগ্ৰেচ বহে। ইয়াৰ অধিবেশন (বোম্বাইত উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ সভাপতিত্বত স্ব্সম্পন্ন হয়।

ব্ৰহ্মৰ ওয় যুদ্ধ 2--ব্ৰহ্মৰ ৰজা| থিবই তলে তলে ফৰাচা- বিলাকৰ সৈতে মিত্ৰত৷ কৰিছিল আৰু ইপিনে তাত থকা! ভংৰাজ সাউদবিলাকক অত্যাচাৰ কৰিছিল। কিন্তু ডাফৰিণে বৃটিচ সৈন্া পঠাই দি ব্ৰহ্ম দখল কৰি বৃটিচ সাম্ৰাজ্যৰ অন্তভূক্ত কৰিলে ৷

লৰ্ড ডাফ.ৰিণে মাটি সম্পৰ্কীয় আইন কৰি খেতিয়ক সকলৰ উপকাৰ কৰে।

লৰ্ড লেক্সডাউন ( ১৮৮৮--১৮৯৫ ) $_১৮৮৮ খুঃত লৰ্ড লেন্সডাউন ৰাজপ্রতিনিধি হৈ ভাৰতলৈ আহে ৷

মণিপুৰৰ যুদ্ধ £_-১৮৯১ খৃঃত মণিপুৰৰ ৰাজবংশত গৃহকন্দল আৰম্ভ হল। অসমৰ চিফকমিচনাৰ মিঃ কুইণ্টনে মণিপুৰৰ" গৃহকন্দল ভাঙিবলৈ এদল গুৰ্খ| ‘সৈন্য লৈ গল। মণিপুৰৰ সেনাপতি ত্ৰিকেন্দ্ৰজিতে চিফকমিচনাৰক আঁৰু ৪ জন কৰ্ম্মচাৰীক বধ কৰে।

ইংৰাজ সৈন্যই মণিপুৰ জয় কৰি নাবালক ৰাজকোৱ ৰ :- এজনক সিংহাসনত বহুৱালে ৷

২য় লৰ্ড এলগিন (১৮৯৬--১৮৯৯ ) $- লভ লেন্সডাউন যোৱাৰ পিছত লৰ্ড এলগিন ভাৰতৰ ৰাজপ্রতিনিধি হল ৷