পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5১৭০ ভাৰত বৃৰঞ্জী

১৮৯৭ খুঃৰ জুন মাইত অসমত আৰু বঙ্গদেশত এটা ডাঙৰ ভূমিকম্প হয়।

লৰ্ড কাৰ্জ্জন ( ১৮৯৯--২৯০৫ ) 2£--১৮৯৯ খুঃত ল্‌ কাজ্জঁন ভাৰতৰ ৰাজপ্ৰতিনিধি হয়। কাৰ্জ্জনে ভাৰতৰ উত্তৰ- পশ্চিমৰ দেশবোৰৰ পৰা৷ ৰুচিয়াৰ প্রভাব দৰ কৰিবৰ কাৰণে নানা ব্যৱস্থা হাতত লৈছিল। এই উদ্দেশ্যো তেওঁ পাৰস্তদেশত ইংৰাজৰ স্বাৰ্থৰক্ষাৰ ব্যৱস্থ৷ কৰিছিল আৰু তিব্বতত ৰুচ প্রভাব দূৰ কৰিবৰ কাৰণে তালৈ এক অভিযান

পঠাইছিল ৷

উত্তৰ-পশ্চিম সীমান্ত প্রদেশ £--উত্তৰ-পশ্চিম সীমান্তৰ আফগান উপজাতিবোৰক দমন কৰি ৰাখিবৰ কাৰণে উত্তৰ- পশ্চিম সীমান্তৰ কেইখনমান জিলালৈ উত্তৰ-পশ্চিম সীমান্ত প্রদেশ গঠন কৰে (১৯০৭১ খুঃ ) ৷

তেওঁ আফগানিস্থানৰ আমিৰ হবিবুল্লাৰ লগত মিত্ৰতা ৰাখি চলিছিল ৷

মহাৰাণীৰ মৃত্যু £--১৯৭১ খৃঃত মহাৰাণী ভিক্টোৰিয়াৰ ম্বত্যু হয়। তেখেতৰ বৰ পুতেক ৭ম এডওৱাৰ্ডকে সম্ৰাট বুলি ঘোষণ৷‘কৰ৷ হল ৷

শিক্ষা £- লৰ্ড কাৰ্জ্জনে শিক্ষাৰ উন্নতিৰ কাৰণে বৰ যত্পৰ হৈছিল। তেওঁ প্ৰাথমিক, মজলীয়া আৰু উচ্চ শিক্ষাৰ বহুত উন্নতি কৰিছিল। তেওঁ ১৯০৪ খৃঃত বিশ্ববিদ্যালয় আইন জাৰি কৰি বিশ্ববিদ্যালয় সমূহৰ ওপৰত চৰকাৰী ক্ষমত৷ বেছি কৰিছিল।