সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত

 লর্ড এলগিন (১৮৬২ – ১৮৬৩) :— লর্ড কেনিঙৰ পিছত লর্ড এলগিন ৰাজপ্রতিনিধি হৈ ভাৰতলৈ আহে। ১ বছৰ ৪ মাহ কাল শাসন কৰাৰ পিছত তেওঁৰ মৃত্যু হয়।

 চাৰ জন লৰেন্স (১৮৬৪ – ১৮৬৯) :—লর্ড এলগিনৰ পিছত চিপাহী-বিদ্ৰোহৰ সময়ত থকা পঞ্জাৱৰ শাসনকৰ্ত্তা চাৰ জন লৰেন্স ভাৰতৰ ৰাজপ্রতিনিধি হয়। তেওঁৰ দিনতে ভুটীয়া বিলাকে বৃটিচৰ সীমান্তত উৎপাত কৰে, কিন্তু তেওঁ সিবিলাকক সহজে দমন কৰি সন্ধি কৰিলে। ভুটীয়া ৰজাই বৃটিচক ভুটীয়া দুৱাৰ বোলা ৰাজ্যডোখৰ দিলে।

 লর্ড মেয়ো (১৮৬৯–১৮৭২) :—চাৰ জন লৰেন্সৰ পিছত ১৮৬৯ খৃঃত লৰ্ড মেয়ো ভাৰতলৈ ৰাজপ্রতিনিধি হৈ আছে।

 এওঁ আম্বলাত এখন দৰবাৰ পাতি আফগান ৰজা ছেৰ আলিৰ লগত বিশেষ বন্ধুত্ব স্থাপন কৰিলে।

 লর্ড মেয়োৰ দিনতে ভাৰতত প্রথম মানুহ পিয়ল কৰা হৈছিল। তেওঁ ৰাজহ বিষয়ত ভাৰত চৰকাৰৰ লগত প্ৰাদেশিক চৰকাৰ সমূহৰ এক চুক্তি কৰে। এই চুক্তি অনুসাৰে কেন্দ্ৰীয় চৰকাৰ পৰা প্ৰত্যেক প্রাদেশিক চৰকাৰে নিজ নিজ প্ৰদেশৰ উন্নতিৰ কাৰণে ব্যয় কৰিবলৈ আর্থিক সাহায্য পাইছিল। দেশৰ শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাটৰ সুবন্দৱস্ত আদি কাৰ্য্যৰ ভাৰ আংশিক ভাবে নির্বাচিত প্রতিনিধিয়ে গঠন কৰা প্ৰতিষ্ঠানৰ ওপৰত দিবৰ কাৰণে তেওঁ ১৮৭০ খৃঃত এটা প্ৰস্তাব কৰিছিল।

 ১৮৭২ খৃঃৰ জানুৱাৰি মাহত আন্দামান দ্বীপলৈ যাওঁতে ছেৰ আলি নামে দুৰ্দ্দান্ত কয়দী এটাই তেওঁক হত্যা কৰিলে।