পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ স্বপ্ৰতিঠ| ১৬১

মোগল সম্ৰাট বাঁহাদুৰ ছাহক দিল্লীৰ পৰ স্থানান্তৰ কৰিবলৈ কৰ| বৃটিচৰ অভিসন্ধি আদিলৈ ভাৰতৰ সকলে| প্ৰজ| বৃটিচৰ ওপৰত অসন্তুষ্ট হৈছিল। বুটিচৰ সমাজ-সংস্কাৰৰ ব্যৱস্থ৷ বিলাক প্রাচীন হিন্দু আৰু মুছলমানে সমৰ্থন কৰিবলৈ টান পাইছিল। ইংৰাজে হিন্দু-মুছলমানৰ ধৰ্ম্ম নষ্ট কৰি ভাৰতত খৃষ্ট ধৰ্ম্ম প্ৰৱৰ্ত্তন কৰিব বুলি অনেকে আশঙ্ক। কৰিছিল ৷ ভাৰতীয় চিপাহীবিলাকক জাহাজত ব্ৰহ্মদেশলৈ যাবলৈ বাধ্য কৰোঁৱাত ধৰ্ম্মণত কাৰণত চিপাহীবিলাকৰ মাজত অসন্তোষে দেখ। দিছিল। এই সময়তে, চিপাহীবিলাকক “এনফিল্ড ৰাইফল” নামে এবিধ বন্দুক ব্যৱহাৰ কৰিবলৈ দিয়া| হৈছিল। এই বন্দুকৰ টোট। জন্তুৰ চবিব দি তৈয়াৰ কৰ|; বন্দুক মাৰিবৰ সময়ত টোটাৰ মূৰটো৷ দ্লাতেৰে কামুৰি একৱাব লাগে। দেশীয় চিপাহীবিলাকে জাত যোৱাৰ ভয়ত এই বন্দুক ব্যৱহাৰ কৰিবলৈ আপত্তি কৰাত সামৰিক কৰ্ভৃপক্ষই চিপাহীবিলাকক এই বন্দুক ব্যৱহাৰ কৰিবলৈ জোৰ কৰিলে। ফলত চিপাহীবিলাক বিদ্ৰোহী হৈ পৰিল; দেশজুৰি তেওঁলোকে বৃটিচ শাসনৰ বিষ্ণদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰিলে। চিপাহীবিলাকে বিদ্ৰোহ কৰিছিল টোট। সংস্কাৰৰ কাৰণে নহয়, পৰাধীনতাৰ বিৰূদ্ধে স্বদেশৰ স্বাধীনতাৰ কাৰণে। বিদ্ৰোহ বিস্তাৰ আৰু দমন £--১৮৫৭ খুঃৰ মাৰ্চ মাহত বৰাকপুৰত বিদ্ৰোহৰ স্থত্ৰপাত হয়। ইয়াৰ পিছতে মিৰাটত বিদ্ৰোহ হয়। মিৰাটত বিদ্ৰোহীবিলাকে বহুতে| ইংৰাজ নৰ- নাৰীক হত্য| কৰে। মিৰাটৰ বিদ্ৰোহীবিলাক জয়ী হৈ দিল্লীৰ ১১

অ.

= ভন, /