পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

’’’তৃতীয় অধ্যায়’’’।

’’’আৰ্যসকল।’’’

 দ্রাবিড়বিলাক অহাৰ বহুকালৰ পিছত ভাৰতলৈ তাতোকৈ এটা অধিক সভ্য জাতি আহে। তেওঁলোক বুৰঞ্জীত “আৰ্য্য” নামে পৰিচিত; আৰ্য্য মানে শ্রেষ্ঠ। আন অনাৰ্য্য জাতিৰ মানুহতকৈ তেওঁলোক সকলো বিষয়ে শ্রেষ্ঠ আছিল।

 ’’’আদি বাসস্থান’’’ :—আৰ্য্যসকলৰ আদি বাসস্থান ক’ত আছিল, ঠাৱৰকৈ কোৱা টান ৷ কোনো কোনোৱে কয় যে, তেওঁলোকৰ আদি বাসস্থান উত্তৰ মেৰুত আছিল। আকৌ কোনো কোনোৱে কয় যে আদিতে তেওঁলোক ৰুচিয়াৰ দক্ষিণ অংশত বাস কৰিছিল। আকৌ এদলে কয় যে অষ্ট্রিয়া- হাঙ্গেৰিহে তেওঁলোকৰ আদি বাসস্থান। কিন্তু সৰহ ভাগ পণ্ডিতেই তেওঁলোক মধ্য এচিয়াৰ আদিমবাসী বুলি অনুমান কৰে। তেওঁলোকৰ বাসস্থান য’তেই নহওক লাগে, সকলে৷ পণ্ডিতে একমত হৈ কয় যে তেওঁলোকৰ বাসস্থান আৰু ভাষা আদিতে একেই আছিল ।

 ’’’ইউৰোপীয় আর্য্যঃ’’’—আৰ্য্য বিলাকৰ লোকসংখ্যা ক্রমাৎ বাঢ়ি আহিবলৈ ধৰাত আগৰ মাটি-বাৰী, বস্তুৱে তেওঁলোকক নোজোৰা হল। গতিকে তেওঁলোকে সাৰুৱ৷ মাটি বিচাৰি দলে দলে চাৰিওপিনে যাবলৈ ধৰিলে ৷ কিছুমান উত্তৰ-পশ্চিমেদি গৈ ইউৰোপত বিয়পি পৰিল। Rep