পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বৰ্ত্তমান ইংৰাজ, জাৰ্ম্মাণ, ফৰাচী, ৰুচ, ৰোমাণ, গ্ৰীকবিলাক তেওঁলোকৰ বংশধৰ। আন এটা ঠাল দক্ষিণমুৱা হৈ বাটত দুভাগ হল। এভাগ পাৰস্য় আহিল। আনটো ঠাল আফগানি স্থানেদি আহি খাইবাৰ গিৰিপথেদি পঞ্জাৱত সোমায়।


উত্তৰ ভাৰতত আৰ্য্যবসতি আৰু

আৰ্য্য-অনাৰ্য্যৰ ৰণ।

 আৰ্য সকলে পঞ্জাৱৰ পৰা অনাৰ্য্যবোৰক খেদি দি তাত বসতি স্থাপন কৰিলে৷ ভাৰতত আৰ্য্যসকলে প্ৰথম বাসস্থান পাতিছিল সিন্ধু নৈৰ উপত্যকাত; তাৰ পাছত তেওঁলোকে আদিমবাসীবোৰক যুদ্ধত পৰাস্ত কৰি গঙ্গা আৰু যমুন৷ নৈৰ মাজৰ অঞ্চললৈ আগুৱায় আহে। আৰ্য্যসকলে বসতি কৰা ঠাই ডোখৰক আৰ্য্যাৱৰ্ত্ত বোল৷ হৈছিল। আৰ্য্যবিলাকৰ হাতত পৰাজিত হৈ দ্ৰাবিড়বিলাক দক্ষিণলৈ হুঁহকি গৈছিল।কালক্ৰমত দক্ষিণ-ভাৰততে৷ আৰ্য্যসকলৰ বসতি বিস্তাৰ হৈছিল।

 আৰ্য্যসকলে ভাৰতত কেইবাখনো ৰাজ্য পাতিছিল। তাৰ ভিতৰত কুৰুক্ষেত্ৰ (মিৰাট, দিল্লী), পাঞ্চাল (ৰোহিলখণ্ড),মৎস্য ( জয়পুৰ ), কৌশম্বী (এলাহাবাদ), কোশল ( অযোধ্যাৰ উত্তৰ ভাগ ), বিদেহ ( উত্তৰ বিহাৰ ), কাশী (বাৰানসী ), মগধ ( দক্ষিণ বিহাৰ ), চেদি ( বুণ্ডেলখণ্ড ), অবন্তী (মালৱৰ পশ্চিম ভাগ ), বিদৰ্ভ ( বেৰাৰ ), অঙ্গ (মুঙ্গেৰ আৰু ভাগলপুৰ ), বঙ্গ আৰু কলিঙ্গই ( উৰিষ্য৷ ) প্ৰধান।