পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা অন্যান্য উপায়েৰে ভাৰতত কোম্পানিৰ ৰাজ্য বিস্তাৰ কৰিছিল । তেওঁ কোনো বৃটিচৰ আশ্ৰিত ৰাজ্যৰ ৰজা অপুত্ৰক হৈ মৰিলে তেওঁৰ ৰাজ্য বৃটিচ সাম্ৰাজ্যত ভুক্ত কৰিছিল। বৃটিচৰ বিনা অনুমতিত তেওঁলোকে তোলনীয়া-পো লব নোৱাৰিছিল। ফলত এনে অপুত্ৰক ৰজাৰ মৃত্যুৰ পিছত তেওঁলোকৰ ৰাজ্য কোম্পানিৰ অধিকাৰলৈ আহিছিল। ইয়াকেই ‘স্বত্ব-বিলোপ' নীতিবোলা হয়। এই নীতি অনুসাৰে ডেলহাউচিয়ে চাতাৰা, ঝাঞ্চি, নাগপুৰ আদি ৰাজ্য বৃটিচৰ অধীনলৈ আনিলে। চম্বলপুৰ আৰু জৈৎপুৰৰ উত্তৰাধিকাৰী নথকাত এই দুখন ৰাজ্যও বৃটিচ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হল । চিকিম, বেৰাৰ আৰু অযোধ্যা :—দুজন ইংৰাজক অত্যাচাৰ কৰা অপৰাধত ( ১৮৫০ খৃ: ) চিকিম ৰাজ্যৰ কিছু অংশ বৃটিচ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। হায়দৰাবাদৰ নিজামে তেওঁৰ ৰাজ্যত থকা বৃটিচ ফৌজৰ খৰচ দিব নোৱৰাত ( ১৮৫৬ খৃঃত ) বেৰাৰ ইংৰাজৰ হাতলৈ আহে ৷ কুশাসনৰ অভিযোগত ( ১৮৫৬ খৃঃত ) অযোধ্যাৰ নৱাব ওৱাজিদ আলিক বৃত্তিভোগী কৰি তেওঁৰ ৰাজ্য বৃটিচৰ অধিকাৰলৈ অনা হয় ৷ নানাচাহাবৰ বৃত্তি বন্ধ ঃ—দ্বিতীয় বাজীৰাও ঢুকুৱাত তেওঁৰ তোলনীয়া পুতেক নানাচাহাবৰ বছেৰেকীয়া বৃত্তি ডেলহাউচিয়ে বন্ধ কৰি দিয়ে। শাসন আৰু সমাজ-সংস্কাৰ :—ডেলহাউচিৰ সময়তে বৃটিচ সাম্ৰাজ্যৰ সুবিধাৰ কাৰণে ভাৰতত প্ৰথম ৰেলওৱে, টেলিগ্রাফ, ডাক, গড়কাপ্তানী বিভাগ আদিৰ প্ৰতিষ্ঠ৷ আৰু প্রচলন হয়।