অন্যান্য উপায়েৰে ভাৰতত কোম্পানিৰ ৰাজ্য বিস্তাৰ কৰিছিল৷ তেওঁ কোনো বৃটিচৰ আশ্ৰিত ৰাজ্যৰ ৰজা অপুত্ৰক হৈ মৰিলে তেওঁৰ ৰাজ্য বৃটিচ সাম্ৰাজ্যত ভুক্ত কৰিছিল। বৃটিচৰ বিনা অনুমতিত তেওঁলোকে তোলনীয়া-পো লব নোৱাৰিছিল। ফলত এনে অপুত্ৰক ৰজাৰ মৃত্যুৰ পিছত তেওঁলোকৰ ৰাজ্য কোম্পানিৰ অধিকাৰলৈ আহিছিল। ইয়াকেই ‘স্বত্ব-বিলোপ' নীতিবোলা হয়।
এই নীতি অনুসাৰে ডেলহাউচিয়ে চাতাৰা, ঝাঞ্চি, নাগপুৰ আদি ৰাজ্য বৃটিচৰ অধীনলৈ আনিলে। চম্বলপুৰ আৰু জৈৎপুৰৰ উত্তৰাধিকাৰী নথকাত এই দুখন ৰাজ্যও বৃটিচ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হল৷
চিকিম, বেৰাৰ আৰু অযোধ্যাঃ- দুজন ইংৰাজক অত্যাচাৰ কৰা অপৰাধত (১৮৫০ খৃ:) চিকিম ৰাজ্যৰ কিছু অংশ বৃটিচ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। হায়দৰাবাদৰ নিজামে তেওঁৰ ৰাজ্যত থকা বৃটিচ ফৌজৰ খৰচ দিব নোৱৰাত (১৮৫৬ খৃঃত) বেৰাৰ ইংৰাজৰ হাতলৈ আহে৷ কুশাসনৰ অভিযোগত (১৮৫৬ খৃঃত) অযোধ্যাৰ নৱাব ওৱাজিদ আলিক বৃত্তিভোগী কৰি তেওঁৰ ৰাজ্য বৃটিচৰ অধিকাৰলৈ অনা হয়৷
নানাচাহাবৰ বৃত্তি বন্ধঃ- দ্বিতীয় বাজীৰাও ঢুকুৱাত তেওঁৰ তোলনীয়া পুতেক নানাচাহাবৰ বছেৰেকীয়া বৃত্তি ডেলহাউচিয়ে বন্ধ কৰি দিয়ে।
শাসন আৰু সমাজ-সংস্কাৰঃ- ডেলহাউচিৰ সময়তে বৃটিচ সাম্ৰাজ্যৰ সুবিধাৰ কাৰণে ভাৰতত প্ৰথম ৰেলওৱে, টেলিগ্রাফ, ডাক, গড়কাপ্তানী বিভাগ আদিৰ প্ৰতিষ্ঠা আৰু প্রচলন হয়।