পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী পিছতে পঞ্জাৱৰ সকলো শিখ বিদ্রোহী হৈ উঠিল। ডেলহাউচিয়ে শিখৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে (১৮৪৮ খৃঃ)। চিলিনৱালাৰ লর্ড ডেলহাউচি । যুদ্ধত ইংৰাজ পৰাজিত হল (১৮৪৯ খৃঃ); কিন্তু ইয়াৰ কিছু পিছত ইংৰাজ সেনাপতি লৰ্ড গফে গুজৰাটৰ যুদ্ধত শিখক পরাজিত কৰিলে৷ ডেলহাউচিয়ে এখন ঘোষণা পত্ৰেৰে পঞ্জাৱক ইংৰাজৰ শাসনাধীনলৈ আনিলে। ব্ৰহ্মৰ ২য় যুদ্ধ :–১৮৫২ খৃঃত ব্ৰহ্মৰ ৰজাই ইয়াণ্ডাবু সন্ধিৰ চুক্তিভঙ্গ কৰাত বৃটিচে ব্ৰহ্মৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিলে । ব্ৰহ্মৰ ৰজাই সন্ধি কৰিলে ; ফলত ইংৰাজে পেগু পালে ৷ স্বত্ব বিলোপ নীতিঃ—ডেলহাউচি এজন সাম্রাজ্যবাদী শাসনকৰ্ত্তা আছিল । তেওঁ যুদ্ধ, স্বত্ব বিলোপ নীতি আৰু