পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী তেওঁৰ আমোলতে গ্ৰেণ্ড ট্রাঙ্ক ৰোডৰ উন্নতি হয় আৰু বিখ্যাত গঙ্গাৰ খাল খনোৱ৷ কাজ শেষ হয়। বোর্ড অব কন্টোলৰ সভাপতি চাৰ চাৰ্লৰ্চ উডে ভাৰতত শিক্ষা বিস্তাৰৰ উদ্দেশ্যে এখন নির্দেশপত্র ভাৰত চৰকাৰলৈ পঠায় (১৮৫৪)। এই নির্দেশ অনুসাৰে ডেলহাউচিৰ দিনতে চৰকাৰী শিক্ষা বিভাগ গঠিত হয়। স্ত্রী-শিক্ষা বিস্তাৰৰ অৰ্থে কলিকতাত বেথুন কলেজ স্থাপন হয়। পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ চেষ্টাত ডেলহাউচিৰ দিনতে হিন্দু বিধৱা-বিবাহ আইন প্রচলিত হয় । চনদ ঃ—১৮৫৩ খৃঃত কোম্পানিয়ে বৃটিচ পার্লামেন্টৰ পৰা নতুন চনদ লাভ কৰে৷ তেতিয়াৰে পৰা বঙ্গ আৰু বিহাৰৰ শাসনভাৰ এজন দুৱলীয়া লাটৰ (লেফটেনান্ট গৱৰ্ণৰ ) তলত দিয়া হল ৷ লর্ড´ কেনিং (১৮৫৬–১৮৬২)ঃ–১৮৫৬ খৃঃত লৰ্ড কেনিং ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে। তেওঁৰ শাসনকালৰ প্ৰসিদ্ধ ঘটন৷ ভাৰতৰ স্বাধীনতা সংগ্রাম। ইংৰাজ ঐতিহাসিক সকলে এই সংগ্রামক “চিপাহী বিদ্রোহ” বুলি আখ্যা দিলেও, ই আচলতে ভাৰতৰ লুপ্ত স্বাধীনতা উদ্ধাৰ কৰিবলৈ চিপাহী, ৰাজন্যবৰ্গ আৰু জনসাধাৰণে কৰা প্ৰথম প্রয়াস । কাৰণ :—ভাৰতত ইংৰাজ ৰাজত্ব স্থাপন হোৱাৰ সময়ৰ পৰা বৃটিচ শাসকসকলে নানা উপায় অবলম্বন কৰি এখনৰ পিছত এখনকৈ ৰাজ্য অধিকাৰ কৰি ভাৰতীয়ৰ স্বাধীনতা হৰণ কৰি ভাৰতত বৃটিচ সাম্ৰাজ্যৰ বিস্তাৰ কৰিছিল ৷ ইংৰাজ কোম্পানিয়ে । 1