পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

● ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা লর্ড অকলেণ্ড ( ১৮৩৬–১৮৪২) লর্ড অকলেণ্ড ১৮৩৬ খৃঃত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়। তেওঁ শিক্ষা বিস্তাৰ আৰু প্ৰজাৰ আন আন অভাৱ গুচোৱা কামত হাত দিছিল । আফগানৰ প্ৰথম যুদ্ধ :— সেই সময়ত আফগানিস্থানৰ সিংহাসনৰ বাবে ছাহ চুজা আৰু দোস্ত মহম্মদৰ বিবাদ হয়। ছাহ চুজা ইংৰাজৰ আশ্ৰয়ত লুধিয়ানাত থাকে। দোস্ত মহম্মদে ৰুচিয়াৰ সহায় লয়গৈ ; তাতে ইংৰাজে ভবিষ্যত বিপদৰ আশঙ্কা কৰি দোস্ত মহম্মদৰ বিৰুদ্ধে ছাহ চুজাৰ লগত যোগ দিয়ে আৰু ১৮৩৯ খৃঃত যুদ্ধ ঘোষণা কৰে। বৃটিচে দোস্ত মহম্মদক ধৰি কলিকতালৈ আনিলে আৰু কাবুল, কান্দাহাৰ, গজনি অধিকাৰ কৰিলে। ছাহ চুজাক আমিৰ পাতি তাত এটা বৃটিচ ফৌজ ৰাখিলে । দোস্ত মহম্মদৰ পুতেক আকবৰ খাঁৰ অধীনত আফগান বিলাক বিদ্রোহী হৈ উঠি কেইবাজনে৷ ইংৰাজ বিষয়াক হত্যা কৰে৷ ইংৰাজ বাহিনী ছত্রভঙ্গ হৈ ভাৰত অভিমুখে পলাবলৈ বাধ্য হল। কিন্তু বাটত ইংৰাজ সৈন্যক আফগান বিলাকে কাটি মাৰি শেষ কৰিলে । লৰ্ড এলেনবৰে৷ (১৮৪২–১৮৪৪) ঃ—লড অকলেণ্ডৰ পিছত লৰ্ড এলেনবৰে৷ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হল। তেওঁ ভাৰত পায়েই আকবৰ খাঁক এশিকনি দিবলৈ দুটা প্রবল ফৌজ পোনে পোনেই কাবুললৈ পঠালে। ইংৰাজ সেনা গৈ কাবুল অধিকাৰ কৰিলে । ইতিমধ্যে আফগানবিলাকে