পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

banglad ভাৰত বুৰঞ্জী ৰাজ্য বিস্তাৰ :—বেন্টিঙ্কৰ শাসন কালত কাছাৰ ( ১৮৩০ ) বৃটিচৰ তললৈ আহিল। মহীশূৰ আৰু কূৰ্গৰ ৰজা দুজন অত্যাচাৰী আছিল। বেন্টিঙ্কে ১৮৩১ খৃঃত মহীশূৰ আৰু ১৮৩৪ খৃঃত কূৰ্গ বৃটিচৰ অধীনলৈ আনে ৷ চাৰ চালচ মেট্‌কাফ (১৮৩৫–১৮৩৬ ) ঃ—বেন্টিঙ্ক বিলাতলৈ যোৱাৰ পাছত চাৰ চাৰ্লৰ্চ মেট্‌কাফ অস্থায়ীভাৱে ভাৰতৰ গৱৰ্ণৰ জেনেৰল হল। তেওঁ মুঠতে এবছৰ কাল শাসন কৰিছিল। তেওঁ ভাৰতবাসীক বাতৰি কাকতৰ আংশিক স্বাধীনতা দিয়ে ৷ প্রশ্ন। ১। ওৱাৰেণ হেষ্টিংচৰ দিনত ইংৰাজ আৰু মহীশূৰৰ ৰজাৰ মাজত কেনে সম্বন্ধ আছিল আলোচনা কৰা । ২। লর্ড কৰ্ণৱালিচে কৰা “চিৰস্থায়ী বন্দৱস্তৰ” বিষয়ে কি জানা লিখা। ৩। টিপু আৰু ইংৰাজৰ ভিতৰত হোৱা যুদ্ধৰ কাৰণ কি ? এই যুদ্ধৰ ফল কি হল ? ৪। লর্ড ওৱেলেচলিৰ শাসনকালৰ অন্তত ভাৰতত বৃটিচ ৰাজ্য কিমান দূৰ বিস্তৃত আছিল । ৫। ৰণজিৎ সিংহৰ চমু পৰিচয় দিয়া । ৬৷ কেতিয়া আৰু কেনেকৈ মাৰাঠাৰ ক্ষমতা সম্পূর্ণ লোপ পালে ? ৭৷ লর্ড বেণ্টিঙ্কৰ প্ৰজাহিতকৰ কামবিলাক উল্লেখ কৰা ।