পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ছাহ চুজাক বধ কৰাত ইংৰাজে দোস্ত মহম্মদক কাবুলৰ আমিৰ পাতিলে । সিন্ধুদেশ জয় :- সিন্ধুদেশত হায়দৰাবাদ, মিৰপুৰ আৰু খয়েৰপুৰ নামে তিনিখন ৰাজ্য ‘আমিৰ' উপাধিধাৰী বেলুচি নায়কৰ অধীনত আছিল। এই আমিৰ বিলাক ইংৰাজৰ মিত্ৰ আছিল আৰু আফগান যুদ্ধৰ সময়ত তেওঁলোকে ইংৰাজ বিলাকক সহায় কৰিছিল। কিন্তু বৃটিচে তেওঁলোকৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতাৰ অভিযোগ আনে আৰু চাৰ চালচ নেপিয়াৰক সামৰিক ক্ষমতা দি সিন্ধুলৈ পঠালে। নেপিয়াৰে আমিৰ বিলাকক মিয়ানী আৰু ডাবুৰ যুদ্ধত হৰুৱাই সিন্ধু ইংৰাজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিলে । গোৱালিয়ৰৰ যুদ্ধ :—১৮৪৩ খৃঃত নানা কাৰণত গোৱালিয়ৰৰ সৈন্যদল বিদ্রোহী হৈ উঠিছিল। বিদ্রোহী সৈন্যদল শিখ বিলাকৰ লগত এক গোট হৈ কোম্পানিৰ ৰাজ্য আক্রমণ কৰিব পাৰে বুলি আশঙ্কিত হৈ এলেনবৰোৱে গোৱালিয়ৰলৈ ইংৰাজ সৈন্য পঠালে। মহাৰাজপুৰ আৰু পনিয়াৰৰ যুদ্ধত বিদ্ৰোহী বিলাক পৰাজিত হল। DG8 লর্ড হার্ডিঞ্জ (১৮৪৪–১৮৪৮) ঃ—লর্ড এলেনবৰো বিলাতলৈ যোৱাৰ পিছত ১৮৪৪ খৃঃত লর্ড হার্ডিঞ্জ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়। এও এজন সুদক্ষ সৈনিক আছিল । - প্রথম শিখৰ যুদ্ধ: – মহাবীৰ ৰণজিৎসিংহ আজীৱন ইংৰাজৰ মিত্ৰ আছিল । তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰ দিলীপসিংহ নাবালক আছিল। এই নাবালকৰ নামত মাক ৰাণী