পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা ৰাজপুত জীয়াৰীবিলাকক উচ্চবংশত দিব নোৱৰাটে৷ তেওঁলোকৰ মাজত বৰ লাজৰ কথা; গতিকে ছোৱালী উপজিলে যোত্রহীন মানুহে বধ কৰি পেলাইছিল। বেন্টিঙ্কে আইন কৰি এই কু-প্রথা গুচায় । শিক্ষা সংস্কাৰ :- বেন্টিঙ্কৰ সময়ত ভাৰতত কেনে ধৰণৰ শিক্ষাৰ প্ৰৱৰ্ত্তন আৰু চৰকাৰী কাম-কাজত কি ভাষা ব্যৱহাৰ হোৱ৷ উচিত এই বোৰ কথা লৈ আন্দোলন চলিছিল৷ গৱৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ সদস্য মেকলে চাহাব আৰু ৰাজা ৰামমোহন ৰায় আদি পাশ্চাত্য শিক্ষাৰ সমর্থক আছিল । বেন্টিঙ্কে মেকলেৰ মতকে সমর্থন কৰি ভাৰতত পাশ্চাত্য শিক্ষা দানৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। লর্ড বেন্টিঙ্কৰ চেষ্টাতেই ১৮৩৫ খৃঃত কলিকতাত মেডিকেল কলেজ স্থাপন হয়। PPPME কাম-কাজ সুচাৰুৰূপে চলাবলৈ বুলি তেওঁ পাৰ্চী ভাষাৰ ঠাইত ইংৰাজী ৰাজভাষ৷ কৰে৷ ইংৰাজী উমৈহতীয়া ভাষা হোৱাত সকলোৱে কাম-কাজ, বেহা-বেপাৰ কৰিবলৈ সুবিধা পালে। এইদৰেই লর্ড বেন্টিঙ্কে ভাৰতীয় প্ৰজাৰ নথৈ উপকাৰ সাধে। ১৮৩৩ খৃঃৰ চনদ ঃ—১৮৩৩ খৃঃত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে পুনৰ নতুন চনদ লাভ কৰিলে ৷ ভাৰত-শাসন বিষয়ত কিছু পৰিবৰ্ত্তন ঘটিল। বঙ্গৰ গৱৰ্ণৰ জেনেৰেল ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হল। গৱৰ্ণৰ জেনেৰেলৰ কাউন্সিলত এজন আইন- সচিব নিয়োগ কৰা হল ।