পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী বহু ৰাজকৰ্ম্মচাৰীৰ বেতন আৰু ভাতা কমোৱা হল। মাদ্রাজ আৰু আগ্ৰাৰ মাটিৰ নতুন বন্দোৱস্তৰ ফলত কোম্পানিৰ আয় বাঢ়িল। লৰ্ড কৰ্ণৱালিচৰ প্ৰৱৰ্ত্তিত শাসন-সংস্কাৰৰ যি বিলাক ত্রুটী আছিল তাক বেন্টিঙ্কে দূৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰে। এই সময়ৰ পৰা প্ৰাদেশিক আদালত বিলাক তুলি দি জিলাৰ কলেক্টৰৰ হাতত বিচাৰৰ ভাৰ দিয়া হয়। বিচাৰ আৰু শাসন বিভাগৰ দায়িত্বপূর্ণ পদত ভাৰতীয় নিয়োগ কৰাৰ ব্যৱস্থা হল। বেন্টিঙ্কে ভাৰতীয়ৰ কাৰণে চব-জজৰ পদ সৃষ্টি কৰিলে। আদালতত পাৰ্চী ভাষাৰ পৰিবৰ্ত্তে প্রাদেশিক ভাষা চলোৱাৰ দিহা হল । সমাজ সংস্কাৰঃ — আগেয়ে স্বামী মৰিলে হিন্দু তিৰোতাই স্বামীৰ লগত চিতাত উঠি প্ৰাণ এৰ৷ (সতী-যোৱা) নিয়ম আছিল । বেন্টিঙ্কে এই প্রথা গর্হিত যেন ভাবি তাক উঠাই দিয়ে। সতী যোৱা প্ৰথা নিবাৰণ কৰাত বঙ্গদেশৰ ৰাজা ৰামমোহন ৰায় আৰু দ্বাৰকানাথ ঠাকুৰে এওঁক সহায় কৰিছিল৷ সেই সময়ত ঠগ নামে এটা ডকাইতৰ দলৰ অত্যাচাৰত সাধাৰণ মানুহে ৰাজপথেদি যাতায়াত কৰা বিপজ্জনক হৈছিল । বেন্টিঙ্কে কর্ণেল শ্লিমেন নামে এজন সুযোগ্য কৰ্ম্মচাৰীৰ সহায়ত ঠগবিলাকক দমন কৰে ৷ সেই সময়ত মাদ্রাজত নৰবলি প্রথা চলিছিল। বেন্টিঙ্কৰ যত্নত এই অসহনীয় প্রথা উঠি গল ।