সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৯
ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা

সম্বন্ধীয়া দুৰ্জ্জয় চালে নাবালক সন্তানক বন্দী কৰি তেওঁৰ ৰাজ্য ললে। লর্ড আমহার্ষ্টে‍ লৰ্ড কম্বৰমিয়াৰক পঠিয়াই ভৰতপুৰৰ ৰজাৰ পুতেকক সিংহাসনত বহুৱালে৷

 লর্ড উইলিয়ম বেন্টিঙ্ক (১৮২৮–১৮৩৫):-লর্ড আমহার্ষ্টৰ পিছত লর্ড উইলিয়ম বেন্টিঙ্ক গৱৰ্ণৰ জেনেৰেল হয়। বেন্টিঙ্কৰ শাসনকাল নানাবিধ সংস্কাৰৰ কাৰণে প্ৰসিদ্ধ৷

লর্ড বেন্টিঙ্ক৷

 শাসন-সংস্কাৰঃ- ব্ৰহ্মযুদ্ধত অজস্ৰ টকা খৰচ হোৱাৰ কাৰণে কোম্পানিৰ অৰ্থাভাব হৈছিল। সেই গতিকে বেন্টিঙ্কে খৰচ কমোৱাৰ ব্যৱস্থা হাতত লৈছিল। সৈন্য-বিভাগৰ আৰু