পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৰজা আছিল। ঘাই মন্ত্রী পূর্ণানন্দ বুঢ়াগোঁহায়েহে ৰাজ্য চলাইছিল। পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ লগত গুৱাহাটীৰ বৰফুকন (গৱৰ্ণৰ ) বদনচন্দ্ৰৰ বিবাদ লগাত বদনে কলিকতালৈ গৈ লর্ড আমহার্ষ্টৰ সহায় বিচাৰে৷ গৱৰ্ণৰ জেনেৰেলে সহায় কৰিবলৈ মান্তি নোহোৱাত বদনচন্দ্ৰই ব্রহ্ম- দেশলৈ গৈ মানক মাতি আনেগৈ। মানে ক্রমে তিনিবাৰ অসম আক্ৰমণ কৰি প্ৰজাৰ ওপৰত নানা অত্যাচাৰ কৰিলে । অসম ‘জয় কৰি ক্ৰমে মণিপুৰ, কাছাৰ আৰু জয়ন্তীয়া দখল কৰি মানে ইংৰাজৰ ৰাজ্যও আক্রমণ কৰিলে। সেই সময়ৰ অসমৰ ৰজা পুৰন্দৰ সিংহই মানৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবলৈ ইংৰাজৰ সহায় বিচাৰিলে ৷ ইংৰাজে ব্ৰহ্মৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। বৃটিচ সেনাপতি স্কট চাহাবে শ্রীহট্টলৈ আগবাঢ়ি আহি মান সেনাক পৰাস্ত কৰিলে। ইপিনে মেক্‌ফাৰচন চাহাবে এদল সেনালৈ ব্ৰহ্মপুত্ৰৰে উজাই গল। উজনিতে৷ ইংৰাজ জয় হল। 386 ইয়াৰ পিছত চাৰ আৰ্চিবেল কেম্বেলে ডনাবু অধিকাৰ কৰি ব্ৰহ্মৰ ৰাজধানীৰ পিনে আগবাঢ়িল। ব্ৰহ্মৰ ৰজাই বিমোৰ হৈ ইংৰাজৰ লগত সন্ধি কৰিলে। ১৮২৬ খৃঃব ২৪ ফেব্ৰুৱাৰিৰ দিন ইয়াণ্ডাবু নামে ঠাইত সন্ধি হল। সন্ধিমতে আৰাকান, মাৰ্ত্তাবান আৰু টেনাচেৰিম লগতে অসমো ইংৰাজৰ হাতলৈ আহিল। ভৰতপুৰ দুৰ্গ:—ভৰতপুৰৰ ৰজাৰ মৃত্যুৰ পিছত তেওঁৰ নাবালক সন্তানক ইংৰাজে সিংহাসনত বহুৱালে; কিন্তু ৰজাৰ