পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা মাৰাঠাৰ ৩য় যুদ্ধ :–(১৮১৭–১৮১৯) ইংৰাজে পেছোৱা ২য় বাজীৰাৱৰ ক্ষমতা লাহে লাহে কমাই নি শেষত তেওঁৰ ৰাজ্য একেবাৰে বৃটিচৰ তলতীয়া কৰিলে। সেই কাৰণে অনুতাপ কৰি তেওঁ তলে তলে স্বাধীন হবলৈ মন কৰিলে । দৌলতৰাও চিন্ধিয়া, হোলকাৰ আৰু বেৰাবৰ ভেঁচিল৷ ৰজাও ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল। ১৮১৭ খৃঃত পেছোৱাই হঠাৎ কিকিত থকা বৃটিচ দূতাবাস আক্ৰমণ কৰিলে। তেতিয়া পেছোৱাৰ লগত বৃটিচৰ যুদ্ধ হল। যুদ্ধত পেছোৱা হাৰি পলাল । 189 পেছোৱাক অনুকৰণ কৰি ভোঁচলা ৰাজায়ে৷ নাগপুৰৰ ওচৰৰ সীতাবল্ডিত বৃটিচক আক্রমণ কৰি পৰাজিত হয়৷ হোলকাৰে৷ অলপ পিছতে হাৰি বৃটিচৰ শৰণাপন্ন হয়। কোৰেগাঁও আৰু অষ্টিৰ যুদ্ধত পৰাজিত হৈ পেছোৱাই আত্মসমর্পণ কৰিলে ( ১৮১৮ খৃঃ ) । ২য় বাজীৰাৱক পেছোৱা ভাঙি ইংৰাজে পেছোৱাৰ আৰু ভোঁচলাৰ ৰাজ্য নিজৰ হাতলৈ আনে। তৃতীয় মাৰাঠা যুদ্ধৰ ফলত মাৰাঠা সাম্ৰাজ্যৰ পতন হল। লর্ড আমহা?”। (১৮২৩–১৮২৮) লর্ড আমহার্ষ্টে ১৮২৩ খৃঃত গৱৰ্ণৰ জেনেৰেলৰ ভাৰ লয়হি ৷ ব্ৰহ্মৰ ১ম যুদ্ধ ঃ—লর্ড মিণ্টো গৱৰ্ণৰ জেনেৰেল থকা সময়ত অসমত চন্দ্ৰকান্ত সিংহ ৰজা আছিল। চন্দ্ৰকান্ত সিংহ নামতহে