পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ma ভাৰত বুৰঞ্জী লর্ড হেষ্টিংচ। (১৮১৩–১৮৮২৩ ) ১৮১৩ খৃঃত হেষ্টিংচ গৱৰ্ণৰ জেনেৰেল হয়। তেওঁ দেশীয় ৰজাৰ লগত আৱশ্যক অনুসৰি যুদ্ধ ও সন্ধি কৰি বৃটিচ ৰাজ্য বঢ়াইছিল । নেপালৰ যুদ্ধ :–(১৮১৪–১৮১৬) –গুর্খাৰ নায়ক পৃথী- নাৰায়ণে নেপাল উপত্যকাৰ কাটামুণ্ড অধিকাৰ কৰি লাহে লাহে ইংৰাজ ৰাজ্যৰ সীমাত ভৰি দিলেহি। লর্ড হেষ্টিংচে বাধ্য হৈ নেপালৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে ; কিন্তু নেপালৰ অলপীয়া সৈন্যই বৰ সাহসেৰে যুঁজি বৃটিচক অস্থিৰ কৰি পেলালে ৷ অৱশেষত সেনাপতি অক্টাল নিয়ে তেওঁলোকক সন্ধি কৰিবলৈ বাধ্য কৰিলে। ১৮১৬ খৃঃত চিগৌলিত সন্ধি হয় সন্ধিত চিমলা, নাইনিতাল, মচৌৰী, আলমোৰা নামে পৰ্ববতীয়া অঞ্চল কেইখন ইংৰাজে পালে আৰু তাৰ বাহিৰেও তেতিয়াৰ পৰা নেপালৰ ৰাজধানীত বৃটিচ দূত ৰখাৰ দিহা হল । পিণ্ডাৰীবিলাক :—পিণ্ডাৰী নামৰ অঘৰী ডকাইত এদলে মধ্যভাৰতত জনসাধাৰণৰ জীৱন আৰু ধন-সম্পত্তি বিপন্ন কৰি তুলিছিল৷ বিভিন্ন ধৰ্ম্ম আৰু সম্প্ৰদায়ৰ কুপ্রবৃত্তিৰ মানুহৰে এই ডকাইতৰ দল গঠিত হৈছিল ৷ পিণ্ডাৰীবিলাকৰ প্ৰধান নায়ক আছিল—আমিৰ খাঁ, কৰিম খাঁ আৰু চিতু । ক্রমাৎ বৃটিচৰ ৰাজ্যতো উপদ্ৰৱ কৰিবলৈ ধৰাত হেষ্টিংচে ১৮১৭ খৃঃত পিণ্ডাৰীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি সিহঁতক দমন কৰে। 380 L mont