সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
ভাৰত বুৰঞ্জী


চাৰ জৰ্জ্জ বার্লো৷
(১৮০৫–১৮০৭)।

 ভাৰতলৈ অহাৰ তিনিমাহ পিছতেই গাজীপূৰত কৰ্ণৱালিচৰ মৃত্যু হয়। চাৰ জৰ্জ্জ বার্লো ১৮০৫ খৃঃত অস্থায়ী গৱৰ্ণৰ জেনেৰেল হয়। বার্লোৱে‍ আহিয়েই হোলকাৰৰ লগত সন্ধি কৰিলে। সেই সময়ত টিপুৰ পুতেকহঁতৰ উদগনিত ভেলোৰৰ চিপাহী বিলাক বিদ্রোহী হৈ উঠে। ইংৰাজে সিবিলাকক দমন কৰিলে৷

লর্ড মিণ্টো।
(১৮০৭–১৮১৩)

 ১৮০৭ খৃষ্টাব্দত লর্ড মিণ্টো ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়। তেওঁ দেশীয় ৰজাসকলৰ কামত হস্তক্ষেপ নকৰিছিল৷ তেওঁৰ দিনতে ৰণজিৎ সিংহৰ তলত শিখজাতি পৰাক্ৰমী হৈ উঠে৷
 ৰণজিৎ সিংহঃ- ১৭৮০ খৃঃত ৰণজিৎ সিংহই জন্ম গ্রহণ কৰে৷ তেওঁ ১২ বছৰ বয়সত পিতৃহীন হয়। ৰণজিতে লিখা পঢ়া নেজানিলেও, নিজৰ প্ৰতিভাবলেৰে শিখ বিলাকৰ নেতা হৈ পৰিল৷ তেওঁৰ ১৮ বছৰ বয়সতে কাবুলৰ ৰজাই তেওঁক লাহোৰৰ শাসন কৰ্ত্তা পাতে। অলপ দিনৰ ভিতৰতে ৰণজিৎ সিংহই বিভিন্ন শিখ দলৰ ৰাজ্য বিলাক অধিকাৰ কৰি শিখজাতিৰ নায়ক হৈ পৰে৷
 গোটেই শিখজাতিৰ অধিপতি হৈ তেওঁ কাশ্মীৰ অধিকাৰ কৰে৷ ইউৰোপীয় কৰ্ম্মচাৰীৰ শিকনিত তেওঁৰ সৈন্যদল বৰ সুগঠিত হৈ উঠিল। সৈন্যক শিকাবৰ কাৰণে তেওঁ ইংৰাজ কৰ্ম্মচাৰী নিযুক্ত কৰিছিল। ১৮০৪ খৃঃত তেওঁ স্বাধীন ৰজা