পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্রতিষ্ঠ। ১৪৩ ১৭৯৯ খৃঃত সুৰাটৰ নৱাব আৰু তাঞ্জোৰৰ ৰজাক বৃত্তি দি তেওঁলোকৰ ৰাজ্য বৃটিচৰ শাসনাধীন কৰা হয়। ১৮০১ খৃঃত কৰ্ণাট বৃটিচ ৰাজ্যৰ অন্তৰ্ভুক্ত হল। অযোধ্যাৰ নৱবি চাদত আলিয়ে কুশাসন কৰা বুলি ওৱেলেচলিয়ে এলাহাবাদ, কোবা আৰু ৰোহিলখণ্ড অধিকাৰ কৰে৷ দ্বিতীয় মাৰাঠা যুদ্ধ :– ১৮০২ খৃঃত পেছোৱা ইংৰাজৰ তলতীয়া মিত্ৰ ৰজা হল ; কিন্তু চিন্ধিয়া আৰু ভোঁচলাই বিৰোধ আচৰণ কৰিলে। ১৮০৩ খৃঃত আচাই নামে ঠাইত চিন্ধিয়া পৰাস্ত হল। জেনেৰেল লেকে চল কৰি যুদ্ধত চিন্ধিয়াৰ সৈন্যক ঘটুৱাই দিল্লী আৰু আগ্ৰা অধিকাৰ কৰিলে৷ ইপিনে আকৌ আৰাগাওঁ নামে ঠাইত ভোঁচলাৰ পৰাজয় হয়। চিন্ধিয়া আৰু ভেঁচিলাই বাধ্য হৈ দেৱগাৰত ইংৰাজৰ লগত সন্ধি কৰিলে। এই সন্ধিত ইংৰাজে উৰিষ্যা, পশ্চিম বেৰাৰ, দোৱাব অঞ্চল, ৰাজপুতনা আৰু দাক্ষিণাত্যৰ প্ৰায় সমুদায় ৰাজ্য পালে । এইবাৰ হোলকাৰেও যুঁজ কৰিবলৈ ওলাল৷ তেওঁ যুঁজ কৰি ইংৰাজৰ সেনাপতি মনচনক হৰুৱালে, কিন্তু ১৮০৩ খৃঃত দীগৰ যুদ্ধত তেওঁ পৰাস্ত হয় । এতিয়৷ ইংৰাজৰ ক্ষমতা ভাৰত বিয়পি পৰিল। কিন্তু যুদ্ধ- বিগ্ৰহৰ বাবে অজস্ৰ টকা ব্যয় হল। সেই কাৰণে কোম্পানিৰ পৰিচালক সকলে তেওঁৰ নীতি সমর্থন নকৰিলে। গৱৰ্ণমেন্টে তেওঁক বিলাতলৈ মাতি পঠালে আৰু তেওঁৰ ঠাইত লর্ড- কৰ্ণৱালিচক আকৌ গবৰ্ণৰ জেনেৰেল কৰি ভাৰতলৈ পঠায়।