পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 দেশীয় ৰাজ্য বিলাক ফৰাচী প্রভাৱৰ পৰা মুক্ত কৰি সেই বিলাক ইংৰাজৰ অধীনলৈ অনাই তেওঁৰ লক্ষ্য আছিল। এই উদ্দেশ্যে তেওঁ সহকাৰী সন্ধি বা “চব চিডিয়েৰি এলায়েন্স” নীতি হাতত লয়। এই নীতি অনুসাৰে যি বিলাক দেশীয় ৰাজ্যৰ ৰজাই কোম্পানিৰ লগত মিত্ৰতা কৰিলে তেওঁলোকৰ ৰাজ্য বাহি শত্রুর আক্রমণ আৰু ঘৰুৱা বিদ্রোহৰ পৰা ৰক্ষা কৰাৰ ভাৰ কোম্পানিয়ে গ্ৰহণ কৰিলে। এই উদ্দেশ্যে প্রত্যেক মিত্ৰৰাজ্যই একোদল বৃটিচ সৈন্য ৰাখিব লগা হল আৰু তেওঁলোকে কোম্পানিৰ বিনা অনুমতিত কাৰো লগত যুদ্ধ বিগ্রহ বা সন্ধি কৰিব নোৱাৰা হল। সহকাৰী সন্ধিয়ে প্ৰকৃততে দেশীয় ৰজা সকলক ইংৰাজৰ অধীনলৈ আনিলে। নিশকতীয়া নিজাম পোনেই সেই বান্ধনিত সোমাই ইংৰাজৰ কৰদ আৰু আশ্ৰিত ৰজাৰ শ্ৰেণীত ভুক্ত হল। মহীশূবৰ ৪ৰ্থ যুদ্ধ :—টিপুৱে ফৰাচীৰ লগত কূটনৈতিক সম্পৰ্ক ৰাখিছিল। ওৱেলেচলিয়ে টিপুকো সহকাৰী সন্ধিত আবদ্ধ হবৰ কাৰণে প্ৰস্তাৱ কৰিছিল; কিন্তু টিপুৱে সেই প্ৰস্তাৱত মাস্তি নহল। ওৱেলেচলিয়ে টিপুৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে (১৭৯৯)। ইংৰাজে টিপুৰ ৰাজধানী শ্রীৰঙ্গপট্টম অধিকাৰ কৰিলে। এই যুদ্ধতেই টিপুৰ মৃত্যু হয়। টিপুৰ ৰাজ্য নিজাম আৰু ইংৰাজৰ মাজত ভাগ হল। টিপুৰ পৰিয়ালবৰ্গক ভেলোৰ নামে ঠাইত বখা হল । বিনাযুদ্ধে ৰাজ্যবিস্তাৰ :—ওৱেলেচলিয়ে সুবিধা পালেই আন ৰাজ্য ইংৰাজৰ ৰাজ্যত জাপিবলৈ সদায় সাজু আছিল।