পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ প্ৰতিষ্ঠা থাকিব, তেতিয়ালৈকে জমিদাৰৰ স্বত্ব অক্ষুন্ন থাকিব বুলি স্থিৰ হল। ১৭৯৩ খৃঃত বঙ্গদেশত চিৰস্থায়ী বন্দৱস্ত প্ৰৱৰ্ত্তন হল। অসমত মোৱামৰীয়া বিদ্রোহ:—এই সময়ত অসমত গৌৰীনাথ সিংহ ৰজা আছিল। মোৱামৰীয়া বিলাকে এওঁৰ দিনত কেইবাবাৰে৷ বিদ্ৰোহ কৰিছিল। স্বৰ্গদেৱে ইংৰাজক সহায় খোজাত কৰ্ণৱালিচে কেপ্তেইন ওৱেলচক পঠাই বিদ্রোহ দমন কৰালে। চাৰ জন চোৰ:– ১৭৯৩ খৃঃত চাৰ জন চোৰ গৱৰ্ণৰ জেনেৰেল হয়। দেশীয় ৰজা সকলৰ লগত পৰাপক্ষত যুদ্ধবিগ্ৰহ নকৰি থকাতোহে বৃটিচ পার্লামেন্টে ইচ্ছা কৰিছিল। চাৰ জন চোৰে পৰাপক্ষত দেশীয় ৰজা সকলৰ কথাত উদাসীন নীতি অবলম্বন কৰি চলিছিল। অযোধ্যাৰ নৱাবৰ মৃত্যুৰ পিছত চাৰ জন চোৰে চাদত আলিক নৱাব পাতে। চাদত আলিয়ে ইংৰাজক এলাহাবাদ এৰি দিলে। ১৪১ ১৭৯৫ খৃঃত মাৰাঠ৷ বিলাকে নিজামক আক্রমণ কৰে। নিজামে চাৰ জন চোৰৰ সহায় বিচাৰি বিফল হয়; কাৰণ বিলাতৰ আদেশমতে তেওঁ কোনো দেশীয় ৰজাৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিছিল৷ পৰাক্ৰমী মাৰাঠাবিলাকে খাৰদা বা কুৰ্দ্দলা যুদ্ধত নিজামক পৰাস্ত কৰে। সেনাপতি নানা ফাৰ্ণেভিচৰ তলত ক্ৰমাৎ মাৰাঠাবিলাক শক্তিশালী হৈ উঠিল । লর্ড ওৱেলেচলি । (১৭৯৮-১৮০৫)। চাৰ জান চোৰৰ পিছত লৰ্ড ওৱেলেচলি গৱৰ্ণৰ জেনেৰেল হৈ আহে ৷ তেওঁ সুনিপুণ, ৰাজ-নীতিজ্ঞ পুৰুষ আছিল৷ ভাৰতবৰ্ষৰ