সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
ভাৰত বুৰঞ্জী

 কৰ্ণৱালিচে ৰাজস্ব আৰু বিচাৰ বিভাগ পৃথক্ কৰি দিলে; প্রত্যেক জিলাতে বিচাৰৰ কাৰণে জজ নিযুক্ত কৰিলে আৰু কলিকতা, ঢাকা, মুচিদাবাদ আৰু পাটনাত প্রাদেশিক বিচাৰালয় স্থাপন কৰিলে।

 চিৰস্থায়ী বন্দবস্তঃ— হেষ্টিংচৰ দিনত খাজনা আদায়ৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিল তাৰ পৰা ৰজা, প্ৰজা আৰু জমিদাৰ প্ৰত্যেকৰে ক্ষতি আৰু অসুবিধা হৈছিল।

 এনে বেমেজালি আৰু প্ৰজাৰ দুখ দূৰ কৰিবৰ অভিপ্রায়ে কৰ্ণৱালিচে প্রত্যেক জমিদাৰে মাটিৰ বাবে দিবলগীয়া খাজনাৰ

লর্ড কৰ্ণৱালিচ।

নিৰিখ চিৰদিনৰ কাৰণে নিদ্দিষ্ট কৰি দিলে। জমিদাৰ মাটিৰ গৰাকী স্বৰূপ হল আৰু যিমান দিনলৈকে খাজনা নিয়মমতে দি