পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা পোৱাৰ পিছত পার্লামেন্টত হেষ্টিংচৰ বিৰুদ্ধে কু-শাসনৰ অভিযোগ অনা হয়। প্রায় সাতবছৰ কাল অভিযোগৰ বিচাৰ চলাৰ পিছত হেষ্টিংচ নির্দোষী প্রমাণিত হল। ১৩৯ লর্ড কৰ্ণৱালিচ। (১৭৮৬–১৭৯৩)। ১৭৮৬ খৃষ্টাব্দত লর্ড কৰ্ণৱালিচে গৱৰ্ণৰ জেনেৰেলৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে ৷ তেওঁ কাৰ্য্যভাৰ গ্ৰহণ কৰা চাৰি বছৰৰ ভিতৰতে মহীশূৰৰ বিৰুদ্ধে যুদ্ধ কৰিব লগাত পৰিছিল ৷ মহীশূৰৰ তৃতীয় যুদ্ধ :—১৭৮৯ খৃঃত টিপুৱে ইংৰাজৰ আশ্ৰিত ৰাজ্য ত্রিবাঙ্কুৰ আক্ৰমণ কৰে। গতিকে লৰ্ড কৰ্ণৱালিচে মাৰাঠা আৰু নিজামৰ লগ হৈ টিপুৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে৷ লৰ্ড কৰ্ণৱা'লিচে ত্রিবাঙ্কুৰ অধিকাৰ কৰিলে। টিপুৱে ইংৰাজৰ লগত সন্ধি কৰিলে। এই সন্ধিমতে টিপুৱে নিজ ৰাজ্যৰ আধা অংশ আৰু ৩৩০ লাখ টকা ক্ষতিপূৰণস্বৰূপে বৃটিচক দিলে ৷ টিপুৱে দিয়া ৰাজ্য নিজাম, মাৰাঠা আৰু ইংৰাজে ভাগ কৰি ললে । শাসন-সংস্কাৰ :—লর্ড কৰ্ণৱালিচৰ শাসনকাল যুদ্ধ- বিগ্ৰহতকৈ শাসন-সংস্কাৰৰ নিমিত্তে হে প্রসিদ্ধ । ভাৰতলৈ আহিয়েই দেখিলে যে, অলপীয়া দৰ্ম্মহা পোৱা- কৰ্ম্মচাৰীবিলাকে ভেটী খায়। সেই গতিকে তেওঁ কৰ্ম্মচাৰী- বিলাকৰ বেতন বঢ়াই ইয়াৰ প্ৰতিকাৰ কৰিলে ৷