পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রাগৈতিহাসিক ভাৰত কোলজাতিৰ মানুহবোৰক দক্ষিণ-ভাৰতলৈ খেদি দিয়ে। কোনো কোনো পণ্ডিতৰ মতে তেওঁলোক বিদেশী মানুহ নহয়; তেওঁলোক দক্ষিণ-ভাৰতৰে আদিমবাসী । জাবিড়ী সভ্যতা :—তেওঁলোক কোল আৰু তিব্বত-বৰ্ম্মা জাতিৰ মানুহতকৈ অধিক সভ্য আছিল। তেওঁলোকে গাঁও-ভূঁই পাতি বাস কৰিছিল ; গৰু-ম'হ ৰাখি খেতি কৰিব জানিছিল । ভাৰতত উৎপন্ন হোৱা মণি, মুকুতা, সোণ, অলঙ্কাৰস্বৰূপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে চেগুণকাঠ, ম’ৰাচৰাই, গজমুকুতা, হাতী- দাঁত, মা-মচলা সাগৰৰ পাৰত নি বেচিছিলগৈ ; এইবোৰ বস্তু সলাই বিদেশী বেপাৰীৰ পৰা বস্তুও লৈছিল। সৈন্য-সামন্ত থাকিবৰ অর্থে তেওঁলোকে ঠায়ে ঠায়ে দুৰ্গ নিৰ্ম্মাণ কৰিছিল। তেওঁলোকে ডাঙৰ ডাঙৰ নগৰ পাতিছিল ৷ তেওঁলোকৰ মাজত পূজা-পাটলৰ বিধান আছিল ৷ সাধাৰণতে তেওঁলোকে সাপ, গছ, পৃথিবী পূজা কৰিছিল। বহুতে সাপকে পৃথিবী অনুমান কৰি সাপ-পূজা কৰিছিল । তেওঁলোকে সাহিত্য-চর্চ্চাও কৰিছিল। বর্ত্তমান দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কানাড়ী, মালয়ালম, তুলু আদি ভাষাবোৰ দ্ৰাবিড় ভাষাৰে ঠাল-ঠেঙুলি ৷ সিন্ধু প্ৰদেশৰ প্ৰাচীন সভ্যতাঃ—পঞ্জাৱৰ অন্তৰ্গত হৰপ্পা আৰু সিন্ধু দেশৰ মহেঞ্জোদাৰোত কিছুমান তামৰ ফলি, মূৰ্ত্তি ধুনীয়া মাটিৰ পাত্ৰ, উৎকৃষ্ট প্ৰণালীত ইটাৰে সজা ঘৰ, গা-ধোৱা ঘৰ, মুদ্ৰা, মোহৰ, নাচনীৰ তামৰ প্ৰতিকৃতি, সোনৰূপৰ অলঙ্কাৰ