পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী তিব্বত-বৰ্ম্মা জাতি :— আজিকালি ভাৰতৰ দাঁতিকাষৰীয়া পৰ্বৰ্ব্বতবোৰত নগা, ভুটিয়া, কুকি, মিকিৰ, আবৰ, লেপ্‌চা আদি জাতিৰ মানুহবোৰ পোৱা যায় ৷ এওঁলোকৰ পূৰ্ব্ব পুৰুষবোৰ মধ্য এচিয়াৰ মানুহ। এওঁলোক দলে দলে আহি উত্তৰ-পূব চুকৰ গিৰিপথেদি ভাৰতত সোমায় আৰু দাঁতি কাষৰীয়া অঞ্চলবোৰত থাকিবলৈ লয়হি। কোল জাতি ঃ—দক্ষিণ-ভাৰত আৰু ছোটনাগপুৰৰ কোনো কোনো অংশত বাস কৰা ভীল, চাওতাল, মুণ্ডা আদি জাতিৰ মানুহবোৰ ভাৰতৰ আদিম অধিবাসী নহয়৷ এওঁলোকৰ উপৰি পুৰুষবোৰ তিব্বত-বৰ্ম্মা জাতিৰ মানুহ অহা বাটেদিয়েই ভাৰতত সোমায়হি আৰু কিছুকালৰ ভিতৰত উত্তৰ-ভাৰতত বিয়পি পৰে৷ পিছত ভাৰতলৈ অধিক পৰাক্ৰমী জাতি এটা আহি সিবিলাকক দক্ষিণ ভাৰতলৈ খেদি দিয়ে। তেতিয়াৰে পৰা এওঁলোক দক্ষিণ-ভাৰতত থাকিবলৈ লয় ৷ এই দুই জাতিৰ মানুহে লোৰ ভোতা অস্ত্ৰ ব্যৱহাৰ কৰিব জানিছিল আৰু এই অস্ত্ৰবোৰেৰেই মাটি চহাই খেতি কৰিছিল ৷ খেতিৰ উৎপন্ন বস্তু আৰু কেঁচা মঙহেই এওঁলোকৰ প্ৰধান খাদ্য আছিল । দ্রাবিড় জাতি :—তিব্বত-বৰ্ম্মা আৰু কোলজাতিৰ পিছতে দ্রাবিড় নামৰ আন এটা জাতি উত্তৰ-পশ্চিম চুকেদি আহি ভাৰতত সোমায়৷ তেওঁলোকে কিছুকাল পঞ্জাৱত বসতি কৰিছিল। পিছত লাহে লাহে দক্ষিণমুৱা হৈ গৈ উত্তৰ ভাৰতৰ পৰা