সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
ভাৰত বুৰঞ্জী

কুটে সসৈন্যে আহি হাইদৰৰ সৈন্যক পৰাস্ত কৰিলে। ১৭৮২ খৃঃত হাইদৰ আলিৰ মৃত্যু হল; কিন্তু তেওঁৰ পুতেক টিপু চুলতানে ফৰাচী সেনাপতি বুচীৰ সহায়েৰে যুদ্ধ চলাই আছিল। ইতিমধ্যে ইংৰাজ আৰু ফৰাচীবিলাকৰ মাজত সন্ধি স্থাপন হোৱাত বুচীয়ে টিপুক আৰু সহায় কৰিব নোৱৰা হল। গতিকে টিপুৱে সহায়হীন অৱস্থাত পৰি ১৭৮৪ খৃঃত ইংৰাজৰ সৈতে মাঙ্গালোৰত সন্ধি কৰিলে। এই সন্ধিমতে জয় কৰা ৰাজ্যবিলাক পৰস্পৰে পৰস্পৰক ঘূৰাই দিলে।

 এই বিলাক যুদ্ধত কোম্পানিৰ বহুত টকা খৰচ হোৱাত কোম্পানিৰ ৰাজ ভৰাঁল টনকিয়াল কৰিবলৈ নানা অবৈধ উপায় উলিয়াব লগাত পৰিল। তেতিয়া হেষ্টিংচে কাশীৰ ৰজা চৈত সিংহৰ ওপৰত বহুত টকাৰ দাবী কৰিলে৷ কৰ দিবলৈ চৈত সিংহ অপাৰগ হোৱাত চৈত সিংহক পদচ্যুত কৰি হেষ্টিংচে ভতিজাকক ৰজা পাতিলে৷

 তাৰ পিছত তেওঁ অযোধ্যাৰ নৱাবৰ পৰা পাবলগীয়া বহুত টকাৰ দাবী কৰিলে। টকাৰ আচল গৰাকী নৱাবৰ মাক আৰু বুঢ়ীমাক বুলি নৱাবে কোৱাত হেষ্টিংচে তেওঁলোকৰ পৰা বলেৰে বহুত টকা আদায় কৰি আনিলে৷

 পিটৰ ইণ্ডিয়া এক্টঃ— বৃটিচ প্ৰধান মন্ত্ৰী পিট চাহাবৰ দিনত পাৰ্লামেন্টে ভাৰত শাসন সম্পৰ্কীয় এখন আইন প্ৰৱৰ্ত্তন কৰে (১৭৮৪ খৃঃ)।

 হেষ্টিংচৰ বিচাৰঃ— পিটৰ আইন জাৰি হোৱাৰ পিছত ১৭৮৫ খৃঃত হেষ্টিংচে কাম এৰি বিলাতলৈ উলটি গল৷ বিলাত