এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্রতিষ্ঠা
পক্ষৰ সন্ধি হয়। সন্ধিৰ সূত্ৰমতে ইংৰাজে চালচেটি দ্বীপ পালে আৰু মাধৱৰাও নাৰায়ণক পেছোৱা বুলি স্বীকাৰ কৰিলে৷
মহীশুৰৰ দ্বিতীয় যুদ্ধঃ— মহীশূৰৰ প্ৰথম যুদ্ধৰ সন্ধিৰ সৰ্ত্ত মতে হাইদৰে মাৰাঠা বিলাকৰ বিপক্ষে ইংৰাজৰ সহায় খোজে; কিন্তু ইংৰাজে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত হাইদৰে তাৰ প্ৰতিশোধ লবৰ সুবিধা চাই আছিল। ১৭৭৮ খৃঃত ইংৰাজে হাইদৰ আলিৰ ৰাজ্যৰ ভিতৰত মাহে নামে ফৰাচী
টিপু চুলতান৷
উপনিবেশ অধিকাৰ কৰাত হাইদৰে যুদ্ধ ঘোষণা কৰিলে৷ হাইদৰে সসৈন্যে মাদ্ৰাজলৈ যাত্ৰা কৰি বাটতে বাধা দিয়া সেনা দলক পৰাস্ত কৰিলে৷ ইংৰাজ সেনাপতি চাৰ আয়াৰ