পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্রতিষ্ঠা পক্ষৰ সন্ধি হয়। সন্ধিৰ সূত্রমতে ইংৰাজে চালচেটি দ্বীপ পালে আৰু মাধৱৰাও নাৰায়ণক পেছোৱা বুলি স্বীকাৰ কৰিলে । মহীশুৰৰ দ্বিতীয় যুদ্ধ :– মহীশূৰৰ প্রথম যুদ্ধৰ সন্ধিৰ সৰ্ত্ত মতে হাইদৰে মাৰাঠ৷ বিলাকৰ বিপক্ষে ইংৰাজৰ সহায় খোজে ; কিন্তু ইংৰাজে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত হাইদৰে তাৰ প্ৰতিশোধ লবৰ সুবিধা চাই আছিল। ১৭৭৮ খৃঃত ইংৰাজে হাইদৰ আলিৰ ৰাজ্যৰ ভিতৰত মাহে নামে ফৰাচী টিপু চুলতান । উপনিবেশ অধিকাৰ কৰাত হাইদৰে যুদ্ধ ঘোষণা কৰিলে হাইদৰে সসৈন্যে মাদ্রাজলৈ যাত্ৰা কৰি বাটতে বাধা দিয়া সেনা দলক পৰাস্ত কৰিলে ৷ ইংৰাজ সেনাপতি চাৰ আয়াৰ 1