পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী প্রথম মাৰাঠা যুদ্ধ:– পানীপথৰ তৃতীয় যুদ্ধৰ পিছত পেছোৱ৷ মাধৱৰাওৰ নেতৃত্বত মাৰাঠা শক্তি পুনৰায় প্ৰবল হৈ উঠে। ১৭৭২ খৃঃত মাধৱৰাওৰ অকাল মৃত্যু হোৱাত তেওঁৰ ভায়েক নাৰায়ণৰাও পেছোৱা হয়। কিন্তু এবছৰ নৌহওঁতেই দদায়েক ৰঘুনাথ ৰাৱে নাৰায়ণৰাওক বধ কৰাই নিজে পেছোৱা হয়। নানাফার্ণেভিচ নামে এজন মাৰাঠ৷ নায়কে নাৰায়ন- ৰাৱৰ পুত্ৰ মাধৱৰাও নাৰায়ণক পেছোৱা বুলি ঘোষণা কৰিলে 1 নিঠৰুৱা ৰঘুনাথে ইংৰাজৰ সহায় প্রার্থনা কৰিলে৷ বোম্বাই গৱৰ্ণমেন্টে চালচেটি আৰু বেছিন পোৱাৰ আশাত তেওঁক সহায় কৰিবলৈ মান্তি হৈ সুৰাটত সন্ধি কৰে। বঙ্গৰ গৱৰ্ণমেন্টে বোম্বাই গৱৰ্ণমেণ্টৰ কাম নামঞ্জুৰ কৰি মাধৱৰাও নাৰায়ণৰ লগত পুৰন্দৰ নামে ঠাইত সন্ধি কৰিলে । এনেকৰাত বোম্বাইৰ গৱৰ্ণৰৰ খং উঠিল আৰু সিফালে বিলাতত কোম্পানিৰ ডিৰেক্টৰ সকলে বোম্বাইৰ গৱৰ্ণৰৰ কাৰ্য্য সমৰ্থন কৰি পুৰন্দৰৰ সন্ধি বাতিল কৰিলে ৷ ফলত বঙ্গ আৰু বোম্বাইৰ গৱৰ্ণমেণ্টে একেলগ হৈ মাৰাঠাৰ লগত যুদ্ধ কৰিব লগাত পৰিল ৷ যুদ্ধৰ প্ৰথম অৱস্থাত ইংৰাজ সৈন্য পৰাজিত হোৱাত ইংৰাজ সেনাপতিয়ে মাৰাঠাৰ লগত এক অপমানজনক সন্ধি কৰিব লগা হয় । হেষ্টিংচে সেই সন্ধি নামঞ্জুৰ কৰি কাপ্তান পপহামক গোৱালিয়ৰ দুৰ্গ আক্ৰমণ কৰিবলৈ পঠালে। তেওঁ গৈ গোৱালিয়ৰৰ অভেদ্য দুৰ্গ দখল কৰিলে। তাৰ পিছত মহাদাজী চিন্ধিয়াৰ চেষ্টাত চেলবাই নামে ঠাইত ১৭৮২ খৃ:ত উভয় ১৩৬