সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা

দেৱানী আৰু ফৌজদাৰী মকৰ্দ্দমাৰ বিচাৰৰ কাৰণে কলিকতাত সদৰ দেৱানী আদালত আৰু সদৰ নিজামত আদালত নামৰ দুখন বিচাৰালয় পাতিলে। নৱাব কেৱল নামতহে দেশৰ অধিপতি হল৷ হেষ্টিংচে নৱাবৰ বৃত্তিৰ টকা কমাই দিলে।

 ক্লাইবে ভাৰতত এৰি যোৱাৰ পাছত কোম্পানিৰ আৰ্থিক অৱস্থা বৰ শোচনীয় হৈছিল। ক্লাইবৰ দিনত কোম্পানিয়ে মোগল সম্ৰাট ছাহ আলমক বছৰি ২৬ লাখ টকা কৰ দিবলৈ গাত লৈছিল। ওৱাৰেণ হেষ্টিংচে এই কৰ একেবাৰে বন্ধ কৰি দিয়ে আৰু এলাহাবাদ আৰু কোৰা অযোধ্যাৰ নৱাবক ৫০ লাখ টকাত বিক্ৰী কৰিলে৷

 ৰোহিলা যুদ্ধ (১৭৭৩-৭৪):— অযোধ্যাৰ নৱাব চুজাউদ্দৌলাই ৰোহিলখণ্ড জয় কৰিবলৈ মন কৰি হেষ্টিংচৰ সহায় বিচাৰিলে। হেষ্টিংচে ৪০ লাখ টকা লৈ নৱাবক ৰোহিলখণ্ড অধিকাৰ কৰাত সহায় কৰিলে৷

 ৰেগুলেটিং এক্ট (১৭৭৩ খৃঃ):— এই সময়তে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানিৰ অধিকাৰ বাঢ়ি যোৱা কাৰণে বৃটিচ পাৰ্লামেন্টে কোম্পানিৰ ভাৰত-শাসন কাৰ্য্যত হাত দিয়া উচিত বুলি ভাবি ৰেগুলেটিং এক্ট নামৰ আইন জাৰি কৰে। এই আইন অনুসাৰে বঙ্গদেশৰ গৱৰ্ণৰ ইংৰাজ-অধিকৃত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল হল। গৱৰ্ণৰ জেনেৰল আৰু চাৰিজন সদস্য লৈ এখন শাসন পৰিষদ গঠিত হল। এজন প্ৰধান বিচাৰপতি আৰু তিনিজন সাধাৰণ বিচাৰপতি লৈ কলিকতাত এখন উচ্চ আদালত বা “চুপ্ৰিম কোৰ্ট” স্থাপন হল৷