এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়৷
ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা।
ওৱাৰেন হেষ্টিংচ।
(১৭৭২–১৭৮৫।)
ক্লাইবৰ পিছত ওৱাৰেন হেষ্টিংচ বঙ্গদেশৰ গৱৰ্ণৰ নিযুক্ত হয়৷ হেষ্টিংচে কাৰ্য্যভাৰ লৈয়ে প্ৰথমতে ক্লাইবৰ দ্বৈতশাসন ৰহিত কৰি শাসন সংস্কাৰত মন দিলে। তেওঁ প্ৰথমতে খাজনা আদায় কৰাৰ নতুন নিয়ম কৰে। ৰাজহ সম্পৰ্কীয় বিষয় পৰিচালনা কৰিবৰ কাৰণে কলিকতাত “ৰেভিনিউ বোৰ্ড” স্থাপন কৰি খাজনা তোলাৰ ভাৰ ইংৰাজ কলেক্টৰৰ হাতত দিয়ে। জমিদাৰ সকলৰ লগত পাঁচবছৰৰ কাৰণে খাজনাৰ নতুন বন্দৱস্ত হল।