পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংরাজ কোম্পানিৰ বঙ্গ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী প্ৰাপ্তি হাইদৰ আলিয়ে নিজৰ সাহস, যুদ্ধকৌশল আৰু বীৰত্বৰ পৰিচয় দি সেনাপতিৰ পদ লাভ কৰে । শেষত গৈ ১৭৬০ খৃঃত মহীশূৰৰ ৰজাক ৰাজ্যৰ পৰা খেদাই নিজে মহীশূৰ ৰাজ্য অধিকাৰ কৰিলে৷ এৱেই মহীশূৰৰ প্ৰথম মুছলমান ৰজা৷ তেওঁ মাৰাঠা আৰু নিজামৰ ৰাজ্যৰ কিছু অংশ নিজ ৰাজ্যৰ ভিতৰুৱা কৰে । ১৭৬৪ খৃঃত মাৰাঠা বিলাকৰ হাতত হাইদৰ পৰাস্ত হয়। মহীশূৰৰ প্ৰথম যুদ্ধ ঃ—কৰ্ণাটৰ নৱাব মহম্মদ আলি হাইদৰৰ শত্ৰু আছিল। মহম্মদ আলি ইংৰাজৰ আশ্ৰিত আছিল। হাইদৰে নিজামৰ লগত সন্ধি কৰি ১৭৬৭ খৃঃত ইংৰাজৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে ৷ যুঁজত হাইদৰ হাৰে। কিন্তু কিছু পিছতেই হাইদৰে বহু সৈন্য লৈ মাদ্ৰাজৰ ওচৰ চাপেহি৷ নিৰুপায় হৈ ইংৰাজে হাইদৰৰ লগত সন্ধি কৰিবলৈ বাধ্য হয়। সন্ধিমতে উভয় পক্ষই জয় কৰা ৰাজ্যবোৰ এৰি দি ভবিষ্যতে পৰস্পৰে পৰস্পৰক বিপদৰ সময়ত সহায় কৰিবলৈ গাত ললে। কিন্তু ইয়াৰ পাছত মাৰাঠা বিলাকে হাইদৰক আক্রমণ কৰাত ইংৰাজে সহায় নকৰাত হাইদৰৰ ইংৰাজৰ প্ৰতি বিদ্বেষভাব থাকি গল । ১। ৰবাৰ্ট ক্লাইবৰ চমু পৰিচয় দিয়া । ২। কেতিয়া, কেনেকৈ ভাৰতত বৃটিচ ৰাজ্যৰ সূত্রপাত হয় ? টোকা:—চান্দচাহাব, । চমু হাইদৰ আলি, কৃষ্ণৰায়, ডবল ভাট্টা। মিৰকাচিম, বক্‌চাৰ যুদ্ধ