পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২% ভাৰত বুৰঞ্জী ক্লাইবৰ দ্বৈত শাসন :—এই শাসন মতে ৰাজহু আৰু সৈন্য বিভাগ কোম্পানিৰ হাতত, পুলিচ আৰু বিচাৰ বিভাগ নৱাবৰ হাতত আছিল। কোম্পানি নামত হে দেৱান আছিল, শাসনৰ সকলো কাম তলতীয়া ভাৰতীয়া কৰ্ম্মচাৰীয়েহে চলাইছিল। সেই কৰ্ম্মচাৰীবিলাকে ফাঁকি দি নিজে ধনী হবলৈ চেষ্টা কৰিছিল আৰু সুবিধা পালেই ভেটী খাইছিল। গতিকে দ্বৈত শাসন কৃতকাৰ্য্য নহল ফলত ১৭৭০ খৃঃত বঙ্গদেশত ভীষণ দুর্ভিক্ষ হল। সেই সময়ত কোম্পানিৰ বিষয়াবিলাকে নিজ নামত বেপাৰ চলাই তলে তলে ধন উপার্জন কৰিছিল আৰু দেশীয় মানুহবোৰক বেপাৰত সহায় কৰি তেওঁবিলাকৰ লাভৰ কিছু অংশ লৈছিল। ক্লাইবে বিষয়াবিলাকৰ বাহিৰ৷ উপাৰ্জন বন্ধ কৰি তাৰ ক্ষতিপূৰণস্বৰূপে দৰ্ম্মহা বঢ়াই দিলে। পলাচী যুদ্ধৰ পিছত নিৰ্দ্ধাৰিত দৰ্ম্মহাৰ বাহিৰেও সমৰ বিভাগৰ ইংৰাজৰ কৰ্ম্মচাৰীবিলাকক এটি উপৰুৱা বানচ দিয়া হৈছিল। তাক ডবল ভাট্টা বোলা হৈছিল। ক্লাইবে ইয়াক উঠাই দিয়ে। হাইদৰ আলি:—সেই সময়ত দক্ষিণ ভাৰতৰ মহীশূৰ ৰাজ্যত হাইদৰ আলি নামে এজন মুছলমান সেনা লাহে লাহে নামজ্বলা হৈ উঠিল। তেওঁ যদিও লিখা-পঢ়া নেজানিছিল, তথাপি বৰ চতুৰ আৰু সাহসী বীৰ আছিল। মহীশূৰত যেতিয়া কৃষ্ণৰায়ে ৰাজত্ব কৰিছিল, তেতিয়া তেওঁৰ তলত হাইদৰ আলিয়ে সামান্য সেনাৰ কাম কৰিছিল I