সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়।
ক্লাইবৰ শাসন—ইংৰাজ কোম্পানিৰ বঙ্গ, বিহাৰ
আৰু উৰিষ্যাৰ দেৱানী প্রাপ্তি৷

 এইবাৰ কৰ্ণেল ক্লাইব বঙ্গদেশৰ গৱৰ্ণৰ হৈ বিলাতৰপৰা উভতি আহিল। তেওঁ বঙ্গদেশলৈ আহিয়েই তাত বহুত বেমেজালি দেখি তাৰ কিছুমান সংস্কাৰ কৰিবলৈ মনস্থ কৰিলে। এই উদ্দেশ্যে ক্লাইবে অযোধ্যাৰ নৱাব চুজাউদ্দৌলা আৰু দিল্লীৰ বলহীন সম্রাট ছাহ আলমৰ লগত সন্ধি কৰিলে৷

 ইংৰাজ কোম্পানিক নৱাবে এলাহাবাদ আৰু কোৰা দিবলৈ গাত ললে৷ যুদ্ধৰ ক্ষতিপূৰণো পঞ্চাশ লাখ টকা দিলে৷ তাৰ পিছত ক্লাইবে ছাহ আলমক কোৰা আৰু এলাহাবাদ দি দিলে। সম্রাটেও কোম্পানিৰ পৰা ২৬ লাখ টকা বছৰি কৰ লৈ কোম্পানিক বঙ্গ, বিহাৰ, উৰিষ্যা প্ৰদেশৰ দেৱান পাতিলে। ইয়াৰ বাহিৰেও সম্রাটে উত্তৰ চৰ্কাৰ প্ৰদেশখন কোম্পানিক দিলে। এই সময়ৰ পৰা বঙ্গদেশৰ শাসনকাৰ্য্য দুহতীয়া হল। নৱাবৰ হাতত আইন বিভাগ আৰু পুলিচ বিভাগ থাকিল আৰু কোম্পানিৰ হাতত খাজনা তোলা, নৱাব আৰু তেওঁৰ বিষয়াবিলাকক দর্ম্মহা দিয়া আৰু সম্রাটক দিব লগা কৰ দিয়াৰ বাব থাকিল। কোম্পানিয়ে বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষাৰ ভাৰো গাত ললে৷