পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী বেপাৰ কৰি ধন আজ্জিছিল। পলাচীৰ যুদ্ধৰ পিছত বঙ্গদেশত ইংৰাজৰ প্রতিপত্তি বাঢ়ি অহাত তেওঁলোকে কোনো মাচুল নিদিয়াকৈ বেপাৰ কৰিবলৈ ধৰিছিল। কোম্পানিৰ বিষয়া বিলাকে তেওঁলোকৰ প্রিয়পাত্র কিছুমান ভাৰতীয় বেপাৰীক বিনামাচুলে বেপাৰ কৰিবলৈ সহায় কৰিছিল । যিবোৰ দেশীয় বেপাৰীয়ে কোম্পানিৰ বিষয়াবোৰৰ হুকুম নোলোৱাকৈ বেপাৰ কৰিছিল, তেওঁলোকে কিন্তু মাচুল দিব লগাত পৰিছিল। এনেকুৱা বেমেজালি দেখি মিৰকাচিমে বেজাৰ মনেৰে তেওঁৰ ৰাজ্যৰ বাণিজ্যৰ মাচুল একেবাৰেই উঠাই দিলে। ইয়াত কোম্পানিৰ বিষয়াৰ ক্ষতি হবলৈ ধৰিলে। স্বাৰ্থত ব্যাঘাত হোৱা গতিকে কোম্পানিৰ বিষয়াসকলৰ খং উঠিল । তেওঁলোকে নৱাবক এশিকনি দিবলৈ থিৰাং কৰি পাটন৷ চহৰ আক্ৰমণ কৰিলে; নৱাবৰ সৈন্যই পাটনা উদ্ধাৰ কৰিলে, ফলত, বহুতো ইংৰাজ সেনা শত্ৰুৰ হাতত বন্দী হল । ইয়াৰ পিছত কেইবাখনো যুঁজত হাৰি মিৰকাচিন অযোধ্যালৈ পলাই গৈ নৱাব চুজাউদ্দৌলাৰ আশ্রয় ললে। অযোধ্যাৰ নৱাবে মিৰকাচিমক সহায় কৰিবলৈ বুলি বঙ্গদেশ আক্ৰমণ কৰিলে ৷ 3 ১৭৬৪ খৃঃত বক্‌চাৰত দুই দলৰ ভিতৰত যুদ্ধ লাগিল । যুদ্ধত ইংৰাজবিলাকৰ জয় হল। মিৰকাচিম হাৰি কলৈ পলাল কোনেও তাৰ উৱাদিহ নাপালে। ইয়াৰ পিছত মির্জ্জাফৰ 300 পুনৰ বঙ্গদেশৰ নৱাব হয় ; তাৰ অলপ দিনৰ পিছতে তেওঁৰ মৃত্যু হল। তেওঁ মৃত্যুৰ পিছত পুতেক নাজিমউদ্দৌলা নৱাব হয়।