পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইউৰোপীয় বেপাৰীবিলাক চিৰাজ প্ৰাণ লৈ পলাল। ক্লাইবৰ অনুগ্ৰহত মির্জ্জাফৰ বঙ্গৰ নৱাব হল ৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ২৪ পরগণাৰ জমিদাৰী লাভ কৰিলে । নৱাব মির্জ্জাফৰ :–মির্জ্জাফৰ অকৰ্ম্মণ্য নৱাব আছিল । তেওঁ আমোদ-প্রমোদত কাল কটাইছিল। আচলতে ক্লাইবহে বঙ্গৰ শাসনকৰ্ত্তা আছিল। ক্লাইব ইংলণ্ডলৈ উভতি যোৱাত বঙ্গদেশৰ শাসন-কাৰ্য্য বিশৃঙ্খল হল । কোম্পানিৰ বিষয়াবিলাকে নৱাবৰ পৰা অযথাভাৱে বহুত টকাৰ দাবী কৰিলে ; টকা দিওঁতেই নৱাবৰ ধনৰ ভঁৰাল উদং হল ; তথাপি তেওঁবিলাক সন্তুষ্ট নহল। গতিকে কোম্পানিৰ নায়কসকলে আৰু টকাৰ লোভত মির্জ্জাফৰক নৱাব ভাঙি তেওঁ জোঁৱায়েক মিৰকাচিমক নৱাব পাতিলে । মিৰকাচিম ঃ—মির্জ্জাফৰৰ পিছত মিৰকাচিম বঙ্গদেশৰ নৱাব হয়। তেওঁ কাৰ্য্যদক্ষ লোক আছিল। তেওঁ নৱাব “হৈয়ে পোনেই ইংৰাজক দিবলগীয়া বাকী টকা পৰিশোধ কৰি দিলে। কোম্পানিয়ে বৰ্দ্ধমান, মেদিনীপুৰ আৰু চট্টগ্রাম— এই তিনিখন জিলাৰ অধিকাৰ পালে । মিৰকাচিম স্বাধীনচেতা আছিল। তেওঁ ইংৰাজৰ প্ৰভুত্ব সহ্য কৰিবলৈ টান পাইছিল। সেই কাৰণে তেওঁ মুঙ্গেৰত নতুন ৰাজধানী পাতিছিলগৈ। অৱশেষত বেপাৰ-বাণিজ্যৰ শুল্কৰ কথালৈ ইংৰাজৰ লগত তেওঁৰ বিবাদ আৰম্ভ হল। কোম্পানিয়ে মাচুল নিদিয়াকৈ বঙ্গ, বিহাৰ আৰু উৰিষ্যাত বেপাৰ কৰিবলৈ অধিকাৰ পাইছিল। কোম্পানিৰ বিষয়াবিলাকেও সুকীয়াকৈ