সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
ভাৰতত ইউৰোপীয় বেপাৰীবিলাক

চিৰাজ প্ৰাণ লৈ পলাল। ক্লাইবৰ অনুগ্ৰহত মিৰ্জ্জাফৰ বঙ্গৰ নৱাব হল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ২৪ পৰগণাৰ জমিদাৰী লাভ কৰিলে৷

 নৱাব মিৰ্জ্জাফৰঃ— মিৰ্জ্জাফৰ অকৰ্ম্মণ্য নৱাব আছিল৷ তেওঁ আমোদ-প্ৰমোদত কাল কটাইছিল। আচলতে ক্লাইবহে বঙ্গৰ শাসনকৰ্ত্তা আছিল। ক্লাইব ইংলণ্ডলৈ উভতি যোৱাত বঙ্গদেশৰ শাসন-কাৰ্য্য বিশৃঙ্খল হল৷

 কোম্পানিৰ বিষয়াবিলাকে নৱাবৰ পৰা অযথাভাৱে বহুত টকাৰ দাবী কৰিলে; টকা দিওঁতেই নৱাবৰ ধনৰ ভঁৰাল উদং হল; তথাপি তেওঁবিলাক সন্তুষ্ট নহল। গতিকে কোম্পানিৰ নায়কসকলে আৰু টকাৰ লোভত মিৰ্জ্জাফৰক নৱাব ভাঙি তেওঁ জোঁৱায়েক মিৰকাচিমক নৱাব পাতিলে৷

 মিৰকাচিমঃ— মিৰ্জ্জাফৰৰ পিছত মিৰকাচিম বঙ্গদেশৰ নৱাব হয়। তেওঁ কাৰ্য্যদক্ষ লোক আছিল। তেওঁ নৱাব হৈয়ে পোনেই ইংৰাজক দিবলগীয়া বাকী টকা পৰিশোধ কৰি দিলে। কোম্পানিয়ে বৰ্দ্ধমান, মেদিনীপুৰ আৰু চট্টগ্ৰাম — এই তিনিখন জিলাৰ অধিকাৰ পালে৷

 মিৰকাচিম স্বাধীনচেতা আছিল। তেওঁ ইংৰাজৰ প্ৰভুত্ব সহ্য কৰিবলৈ টান পাইছিল। সেই কাৰণে তেওঁ মুঙ্গেৰত নতুন ৰাজধানী পাতিছিলগৈ। অৱশেষত বেপাৰ-বাণিজ্যৰ শুল্কৰ কথালৈ ইংৰাজৰ লগত তেওঁৰ বিবাদ আৰম্ভ হল। কোম্পানিয়ে মাচুল নিদিয়াকৈ বঙ্গ, বিহাৰ আৰু উৰিষ্যাত বেপাৰ কৰিবলৈ অধিকাৰ পাইছিল। কোম্পানিৰ বিষয়াবিলাকেও সুকীয়াকৈ