পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী কৰিলে । ১৭৫৬ খৃঃৰ ডিচেম্বৰ মাহত ক্লাইব আৰু ওৱাটচন চাহাব আহি হুগলিৰ ওচৰতে ছাউনী পাতে আৰু তাৰ ওচৰতে নৱাবৰ সৈহাৰ লগত এখন যুদ্ধ হল। সেই যুদ্ধত নৱাবৰ সৈন্য হাৰিল আৰু কলিকতা পুনৰ ইংৰাজে অধিকাৰ কৰিলে। যুদ্ধত হাৰি চিৰাজউদ্দৌলাই বাধ্য হৈ ইংৰাজৰ লগত সন্ধি কৰে। ঠিক এই সময়তে ক্লাইবে নৱাবৰ আদেশ অমান্য কৰি ফৰাচীৰ চন্দননগৰ অধিকাৰ কৰিলে। এনেতে ক্লাইবৰ আৰু এটা সুবিধা উপস্থিত হল। দেশৰ কেইজনমান বিষয়াই চিৰাজউদ্দৌলাক সমূলি ভাল নেপাইছিল। গতিকে তেওঁবিলাকে চিৰাজক পদচ্যুত কৰিবলৈ চক্রান্ত কৰিলে। ক্লাইবেও এই চক্ৰান্তত তলে তলে যোগ দিছিল। চিৰাজৰ মন্ত্ৰী মির্জ্জাফৰে নৱাব হব পাৰিলে ইংৰাজক যুদ্ধৰ সমুদায় ক্ষতিপূৰণ দিবলৈ কথা দিলে আৰু লগে লগে ক্ষমতা দিবলৈকো গাত ললে । পলাচীৰ যুদ্ধ :—এতিয়া ক্লাইবে চিৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি মুচিঁদাবাদলৈ যাত্ৰা কৰিলে । নৱাব এই যুদ্ধৰ কাৰণে সাজু হৈ আছিল। দুয়ো পক্ষৰ ভিতৰত ১৭৫৭ খৃঃৰ জুন মাহৰ ২৩ তাৰিখে ওৰে দিন পলাচী ( মুচিঁদাবাদৰ পৰা ২২ মাইল দূৰৈত) নামে বহল পথাৰ এখনত তুমুল যুদ্ধ চলিছিল । নৱাবৰ সেনাপতি মিৰমদন আৰু মোহনলাল—দুয়ে৷ অসাধাৰণ বীৰত্বৰে যুজি প্ৰাণ হেৰুৱালে ৷ মিৰ্জ্জাফৰে বিশ্বাসঘাতকতা কৰিলে। পলাচীৰ যুদ্ধত বৃটিচ জয়ী হল।