এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
ভাৰতত ইউৰোপীয় বেপাৰীবিলাক
আশ্ৰয় ললেগৈ। ইংৰাজে তেওঁক আশ্ৰয় দিয়া কাৰণে চিৰাজ ইংৰাজৰ প্ৰতি অসন্তুষ্ট হল। এই বিলাক কাৰণতে চিৰাজে ইংৰাজৰ কাচিমবাজাৰ কোঠ অধিকাৰ কৰি ১৭৫৬ খৃঃত কলিকতাৰ দুৰ্গ অৱৰোধ কৰিলে। তেতিয়া ইংৰাজবিলাকে তাত থকা তেওঁলোকৰ লৰা-তিৰোতা বিলাকক জাহাজত তুলি নিৰাপদ
চিৰাজউদ্দৌলা৷
ঠাইলৈ পঠাই দিলে। অলপ সৈন্যমাত্ৰ তাত থৈ বাকী সকলো বিলাক কেপ্তেইন ড্ৰেকৰ সৈতে গুচি গল৷ চিৰাজে অচিৰে এই দুৰ্গ দখল কৰে আৰু তেওঁৰ হাতত ১৪৬ জন ইংৰাজ সৈন্য বন্দী হল৷
যেতিয়া এই সম্বাদ মাদ্ৰাজ পালেগৈ তেতিয়া কৰ্ণেল ক্লাইব আৰু সেনাপতি ওৱাটচন চাহাবে সসৈন্যে কলিকতালৈ যাত্ৰা