পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইউৰোপীয় বেপাৰীবিলাক আশ্রয় ললেগৈ। ইংৰাজে তেওঁক আশ্রয় দিয়৷ কাৰণে চিৰাজ ইংৰাজৰ প্ৰতি অসন্তুষ্ট হল। এই বিলাক কাৰণতে চিৰাজে ইংৰাজৰ কাচিমবাজাৰ কোঠ অধিকাৰ কৰি ১৭৫৬ খৃঃত কলিকতাৰ দুৰ্গ অৱৰোধ কৰিলে। তেতিয়া ইংৰাজবিলাকে তাত থকা তেওঁলোকৰ লৰা-তিৰোতা বিলাকক জাহাজত তুলি নিৰাপদ POR UNA for mas চিৰাজউদ্দৌলা । ঠাইলৈ পঠাই দিলে। অলপ সৈন্যমাত্ৰ তাত থৈ বাকী সকলো বিলাক কেপ্তেইন ড্ৰেকৰ সৈতে গুচি গল ৷ চিৰাজে অচিৰে এই দুর্গ দখল কৰে আৰু তেওঁৰ হাতত ১৪৬ জন ইংৰাজ সৈন্য বন্দী হল । যেতিয়৷ এই সম্বাদ মাদ্রাজ পালেগৈ তেতিয়া কর্ণেল ক্লাইব আৰু সেনাপতি ওৱাটচন চাহাবে সসৈন্যে কলিকতালৈ যাত্রা c